Breaking

ছোৱাইন ফ্লুৰ সময়তে নাজিৰাৰ ৰাজপথত গাহৰিৰ মুক্ত বিচৰণ : গান্ধাৰীৰ ভূমিকাত প্ৰশাসন

0 44

নাজিৰা

ক’ৰোনা মহামাৰীৰ প্ৰাৰ্দুভাৱে দেশবাসীক আতঙ্কিত কৰি সহস্ৰজনৰ প্ৰাণ কাঢ়ি নিয়াৰ সময়তে ভূতৰ ওপৰত দানহ পৰাৰ দৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ছোৱাইন ফ্লুত বহুতো গাহৰিৰ মৃত্যু ঘটাৰ বাবে মানুহৰ গালৈ এই ৰোগ সংক্ৰমিত হোৱাৰ আশঙ্কাত  চৰকাৰে অন্য স্থানৰ লগতে শিৱসাগৰ জিলাতো গাহৰিৰ ক্ৰয় বিক্ৰয় আৰু মুক্ত বিচৰণত বাধা নিষেধ আৰোপ কৰিছে যদিও খোদ নাজিৰা নগৰতেই অবাধভাৱে জাকে জাকে গাহৰিৰ মুক্ত বিচৰণে চৰকাৰী নিষেধাজ্ঞাক ভূলুণ্ঠিত কৰাহে পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে কিছুবছৰৰ পূৰ্বে গাহৰিৰ পৰা সংক্ৰমিত হোৱা এনে চুৱাইন ফ্লু ৰোগে মহামাৰীৰ ৰূপ লোৱাত অসমত  বহুতো লোকৰ মৃত্যু হৈছিল আৰু বৰ্তমান অসমত গাহৰিৰ দেহত পুনৰ এই ৰোগে দেখা দিয়াত সতৰ্কতামূলক ব্যৱস্থা ৰূপে ৰাজ্য চৰকাৰে গাহৰিৰ ক্ৰয় বিক্ৰয় আৰু মুক্ত বিচৰণত নিষেধাজ্ঞা আৰোপ কৰিছে৷ কিন্ত প্ৰশাসনৰ চকুৰ আগতে নিতৌ  নিশা দহ মান বজাৰ পৰা পুৱতি নিশাৰ লৈকে  নাজিৰা নগৰৰ মাজ মজিয়াত তথা নাট্য মন্দিৰ, চিকিৎসালয়, বিদ্যালয় আদিৰ আশে পাশে, নগৰখনৰ ডাষ্টবিন  আৰু ৰাজপথত কোনোবা লোকৰ পোহনীয়া গাহৰিৰ অবাধ বিচৰণে জনজীৱনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ ইতিপূৰ্বে শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত আফ্ৰিকান ছোৱাইন ফ্লুত মৃত্যু হোৱা গাহৰি দিখৌ, দিচাং ইত্যাদি নদীত পেলাই দিয়াকলৈও এক বিতৰ্কৰ সূচনা হৈছিল৷ বিশেষজ্ঞ তথা চৰকাৰৰ নিৰ্দেশনা মতে এনে ৰোগত মৃত্যু হোৱা গাহৰিৰ দেহ কমেও ছফুট দকৈ মাটিৰ গাঁত খান্দি ওপৰত বিজাণুনাশৰ বাবে ব্লিচিং পাউদাৰ দি পুতিব লাগে যদিও বহু গাহৰিপালকে এই নিৰ্দেশ নামানি নদীত মৃত গাহৰি পেলাই দিয়াটো বিপদজনক হৈ পৰিছে৷ ক’ৰোনা মহামাৰীয়ে দেশৰ জনজীৱন বিপৰ্যস্থ কৰি তোলাৰ সময়ত গাহৰিৰ মুক্ত বিচৰণৰ দ্বাৰা যাতে আকৌ পুনৰ ভয়াবহ ছোৱাইন ফ্লুৰ আগমন নঘটে তাৰ প্ৰতি নাজিৰা পৌৰসভাৰ লগতে মহকুমা প্ৰশাসন অধিক সতৰ্ক হৈ শীঘ্ৰেই গাহৰিৰ এনে মুক্ত বিচৰণ ৰোধ কৰাটো  অতি প্ৰয়োজন হৈ পৰিছে ৷ কিন্তু এই ক্ষেত্ৰত নাজিৰা পৌৰ প্ৰশাসন কৰ্তৃপক্ষই গান্ধাৰীৰ ভূমিকা পালন কৰাত নগৰখনত জনগণৰ মাজত সৰৱ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷

Leave A Reply