Breaking

মৰিগাঁৱত জিলা গড়কাপ্তানি বিভাগৰ বৃক্ষ ৰোপণ অনুষ্ঠান

0 1,243

ভাৰতৰ স্বাধীনতা ৭৫ বছৰৰ উপলক্ষে সপ্তাহযোৰি চলাই স্বাধীনতা অমৃত মহোৎসৱ।ভাৰত চৰকাৰ নিৰ্দেশ মৰ্মে চলা এই মহোৎসৱ মৰিগাঁৱটো যোৱা ১৪ জুলাই পৰা ২১ জুলাইলৈকে আৰম্ভ কৰে।এই সময়চোৱাত মৰিগাঁও জিলাত চাৰিটা পথত দুয়োকাষে গছপুলি ৰোপণৰ ব্যবস্হা কৰে।সেই মৰ্মে শুক্ৰবাৰে মৰিগাঁও ভূৰবন্ধাত ভূৰবন্ধা খাটৰবৰি পৰা কালিকাজাৰি হৈ বৰচলালৈ যোৱা পথটিত প্ৰায় সোতৰ শ মিটাৰ পথত গছপুলি ৰোপনৰ ব্যবস্হা কৰে।উক্ত গছপুলি ৰোপন অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা গড়কপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰি,সহকাৰি কাৰ্যবাহী অভিযন্তা মৃনাল বৰা,কনিষ্ঠ অভিযন্তা প্ৰদিপ ৰাজখোৱা,শাখা সহায়ক কৃষ্ণ ডেকা, সাংবাদিক পুলিন কাকতি,তুলেন মেধি,ৱাচিম খান সহ বহু কেইজন লোক।অনুষ্ঠানত উপস্থিত থাকি কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰি লগতে সহকাৰী কাৰ্যবাহী অভিযন্তা মৃণাল বৰাই কয় যে এই আচনি জড়িয়তে অসমৰ ১৫৪ টা পথত গছপুলি ৰোপন কৰা ব্যবস্হা কৰিছে তাৰে ভিতৰত মৰিগাঁও জিলা চাৰিটা পথ ক্ৰমে ভূৰবন্ধা,বাৰপূজিয়া,শলমাৰি আৰু লাহৰিঘাটৰ এই কেইটা পথত গছপুলি ৰোপণ কৰে।লগতে এই গছপুলি ৰোপন কৰা অঞ্চলৰ সাধাৰণ ৰাইজকো এই কামত সহযোগ কৰায়।ইফালে সেই অনুষ্ঠানতে উপস্থিত থাকি জিলা সহকাৰি কাৰ্যবাহী অভিযন্তা মৃণাল বৰাই  এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা  সকলোকে ধন্যবাদ জ্ঞাপন কৰা লগতে এই গছপুলি সমুহৰ সুৰক্ষা দিব বাবে ৰাইজক অনুৰুধ জনায়।

Leave A Reply