Breaking

‘পিএম কেয়াৰ ফাণ্ড ৰাজহুৱা কৰ্তৃপক্ষ নহয়’ আদালতক জনালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে

0 41

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ক কয় যে প্ৰধানমন্ত্ৰীৰ নাগৰিক পিএম কেয়াৰ্ছ পুঁজি তথ্যৰ অধিকাৰ আইন, ২০০৫ অনুসৰি ৰাজহুৱা সম্পত্তি নহয় আৰু ভাৰতৰ সংবিধানৰ ১২ নং অনুচ্ছেদৰ অধীনত ই এক “ৰাজহুৱা দাতব্য ন্যাস।মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সুব্ৰমনিয়াম প্ৰসাদৰ এখন খণ্ড বিচাৰপীঠে সমক গাংৱালে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰিছিল। আবোদন খনৰ জড়িয়তে সংবিধানৰ অধীনত পিএম কেয়াৰ্ছ ফাণ্ডক “ৰাজ্য”ৰ অধীন হিচাপে ঘোষণা কৰিবলৈ বিচৰা হৈছিল যাতে এই পুঁজিৰ অডিট প্ৰতিবেদনবোৰ সময়ে সময়ে প্ৰকাশ কৰিব পৰা যায়। লগতে এই পুজিৰ ব্যৱহাৰ আৰু দানৰ পৰিমাণ আদিৰ বিষয়েও জানিব পৰা যায়। কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দাখিল কৰা শপতনামাত উল্লেখ কৰা হয় যে উক্ত আবেদন খন “আশংকা আৰু অনুমান”ৰ ওপৰত আধাৰিত।আদালতত দাখিল কৰা শপতনামাখনত কোৱা হৈছে: “এই ট্ৰাষ্টটো কোনো চৰকাৰৰ মালিকানাধীন, নিয়ন্ত্ৰিত বা একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠান নহয়।যিকোনো প্ৰকাৰে ন্যাসৰ কাম-কাজত কেন্দ্ৰীয় চৰকাৰ বা কোনো ৰাজ্য চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই।”

দাখিল কৰা শপতনামা অনুসৰি পিএম কেয়াৰ্ছ ফাণ্ড হৈছে এক ৰাজহুৱা দাতব্য ন্যাস , যি কেৱল স্বেচ্ছামূলক অনুদান গ্ৰহণ কৰে আৰু এয়া নিশ্চিতভাৱে কেন্দ্ৰই কৰিবলগীয়া কামৰ ভিতৰৰে কাম নহয়। “পিএম কেয়াৰ্ছ ফাণ্ডে চৰকাৰৰ দ্বাৰা পুঁজি বা বিত্ত লাভ নকৰে,” বুলিও শপতনামাত উল্লেখ কৰা হৈছে।পি এম কেয়াৰ্ছ ফাণ্ড প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) আৰ্হিত পৰিচালিত হয় , কিয়নো দুয়োটা প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত আছে।আবেদনকাৰী গাংৱালে পিএম কেয়াৰ্ছ ফাণ্ডক ইয়াৰ নাম/ ৱেবছাইট, ৰাজ্যিক প্ৰতীক, ডমেইন নাম “গভ” ,ৱেবছাইটত আদিত “পিএম” কথাষাৰ ব্যৱহাৰ কৰাত বাধা দিবলৈ আবেদন জনাইছিল।

উল্লেখ্য ২৭ মাৰ্চ, ২০২০ তাৰিখে, নতুন দিল্লীত পঞ্জীয়ন আইন, ১৯০৮ -ৰ অধীনত পিএম কেয়াৰ্ছ ফাণ্ড জহুৱা দাতব্য ন্যাস হিচাপে পঞ্জীয়ন কৰা হৈছিল।

Leave A Reply