Breaking

টুইটাৰ অধিগ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে ইলন মাস্কক লগ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

0 32

আজিৰ পৰা আৰম্ভ হ’বলগীয়া আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেছলাৰ চিইঅ’ তথা টুইটাৰৰ মালিক ইলন মাস্কক সাক্ষাৎ কৰিব।


ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০১৫ চনত কেলিফৰ্ণিয়াৰ টেছলা মটৰ্ছৰ কাৰখানা ভ্ৰমণৰ সময়ত মাস্কক সাক্ষাৎ কৰিছিল। তেতিয়া মাস্ক টুইটাৰৰ মালিক নাছিল।

মাস্কৰ সৈতে প্ৰধানমন্ত্ৰীৰ আগন্তুক বৈঠক এনে এটা সময়ত হ’ব যেতিয়া টেছলাই ইয়াৰ ভাৰতৰ কাৰখানাৰ বাবে এটা স্থান বিচাৰি আছে।

দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক সাক্ষাৎকাৰত মাস্কক সোধা হৈছিল যে অটো নিৰ্মাতা কোম্পানীটোৱে ভাৰতীয় বজাৰৰ প্ৰতি আগ্ৰহী নেকি? “Absolutely” তেওঁ উত্তৰ দিছিল। তেওঁ লগতে কয় যে চলিত বৰ্ষৰ শেষৰ ফালে টেছলাই নিজৰ ইণ্ডিয়া কাৰখানা স্থাপনৰ বাবে এটা স্থান চূড়ান্ত কৰাৰ সম্ভাৱনা আছে।

চৰকাৰৰ সূত্ৰ অনুসৰি আজি নিউয়ৰ্কত অৱতৰণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰৰ দুই ডজনৰো অধিক চিন্তাশীল নেতাক সাক্ষাৎ কৰিব।

এই নেতাসকলৰ ভিতৰত আছে নোবেল বঁটা বিজয়ী, অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, পণ্ডিত, উদ্যোগী, শিক্ষাবিদ আৰু স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞ।

এই নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ পাৰস্পৰিক ক্ৰিয়া-কলাপৰ লক্ষ্য হ’ব আমেৰিকাৰ পৰিস্থিতিৰ বিষয়ে বুজ লোৱা আৰু সম্ভাৱ্য সহযোগিতাৰ সন্ধান কৰা।

চৰকাৰী সূত্ৰই জনোৱা মতে, মাস্কৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে লেখক তথা জ্যোতিৰ্পদাৰ্থবিজ্ঞানী নীল ডিগ্ৰাছ টাইছন, অৰ্থনীতিবিদ পল ৰোমাৰ, পৰিসংখ্যাবিদ নিকোলাছ নাছিম তালেব আৰু বিনিয়োগকাৰী ৰে ডালিঅ’ক সাক্ষাৎ কৰিব।

লগতে এই তালিকাত আছে ভাৰতীয়-আমেৰিকান গায়ক ফালু শ্বাহ, লেখক তথা গৱেষক জেফ স্মিথ, আমেৰিকাৰ প্ৰাক্তন বাণিজ্য প্ৰতিনিধি মাইকেল ফ্ৰমন, কূটনীতিবিদ ডেনিয়েল ৰাছেল আৰু প্ৰতিৰক্ষা বিশেষজ্ঞ এলব্ৰিজ কলবি।

প্ৰধানমন্ত্ৰীয়ে চিকিৎসক তথা নোবেল বঁটা বিজয়ী ডাঃ পিটাৰ আগ্ৰে, স্বাস্থ্যসেৱা বিশেষজ্ঞ ডাঃ ষ্টিফেন ক্লাস্কো আৰু ভাৰতীয়-আমেৰিকান ব্যৱসায়ী তথা শিল্পী চন্দ্ৰিকা টেণ্ডনক সাক্ষাৎ কৰাৰ কথা।

আজি পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে আমেৰিকালৈ ৰাওনা হৈছে এক সন্মানীয় ৰাজ্যিক ভ্ৰমণৰ বাবে, যিটো সন্মান ৱাশ্বিংটন ডি চিয়ে ঘনিষ্ঠ মিত্ৰ দেশসমূহৰ বাবে সংৰক্ষিত কৰিছে।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচীৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত আছে আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিবেশনত ভাষণ, ব্যৱসায়িক নেতা আৰু ভাৰতীয় প্ৰবাসীসকলৰ সৈতে বৈঠক, আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱাইট হাউছত ৰাজ্যিক ৰাতিৰ আহাৰ।

এই ল্যাণ্ডমাৰ্ক ভ্ৰমণৰ এজেণ্ডাত বাণিজ্য আৰু প্ৰতিৰক্ষা সম্পৰ্ক উচ্চ স্থানত আছে।

Leave A Reply