Breaking

কোভিডৰ সাম্ভাৱ্য তৃতীয় ঢৌ আৰু অক্সিজেনৰ উৎপাদন সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ উচ্চস্তৰীয় বৈঠক

0 2,038

দেশত অক্সিজেনৰ উৎপাদন বৃদ্ধি আৰু উপলব্ধতা সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মোদীৰ অধ্যক্ষতাত শুকুৰবাৰে দিনৰ ১১.৩০ বজাত অনুষ্ঠিত হয় এই বৈঠক। দেশৰ শেহতীয়া কোভিড পৰিস্থিতি, কোভিডৰ সাম্ভাৱ্য তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিব পৰাকৈ দেশৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে এই বৈঠকত। ক’ৰোনাৰ সাম্ভাৱ্য তৃতীয় লহৰৰ বিৰুদ্ধে যুঁজিবলৈ ইতিমধ্যেই সাজু হৈছে সমগ্ৰ দেশ। ৰাজ্যসমূহৰ সহযোগত শেহতীয়াকৈ কেন্দ্ৰই আৱণ্টন দিছে কোভিড জৰুৰীকালীন পেকেজ। ২৩,২২০ কোটি টকাৰ এই আঁচনিৰ জৰিয়তে বিশেষভাৱে শিশুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। আঁচনিখনৰ আৱণ্টিত মুঠ টকাৰ ১৫০০০ কোটি কেন্দ্ৰৰ তৰফৰ পৰা আৰু বাকী ৮০০০ কোটি টকা ৰাজ্যচৰকাৰসমূহে প্ৰদান কৰিব। ইয়াৰ দ্বাৰা প্ৰতিখন জিলা চিকিৎসালয়ত ১০ হাজাৰ লিটাৰ অক্সিজেন ষ্ট’ৰেজৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যচৰকাৰসমূহে। ইয়াৰ উপৰি অতিৰিক্ত কোভিড হাস্পতাল নিৰ্মাণ কৰা হ’ব প্ৰতিখন জিলাত। এই আঁচনিত আৱণ্টিত ধনৰাশি আগন্তুক বৰ্ষৰ ৩১ মাৰ্চৰ পূৰ্বে খৰচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। উল্লেখ্য, কোভিড সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ বৈঠকত।

Leave A Reply