Breaking

লাডাখত প্ৰধানমন্ত্ৰীৰ আকস্মিক ভ্ৰমণ ।

0 1,065

দৈনন্দিন বাৰ্তা ডেস্ক :

সংঘৰ্ষক লৈ তাৎপর্যপূর্ণ তৎপৰতাৰ মাজতে লাডাখত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ লেহ সামৰিক ঘাটিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী পুৱা ১০ বজাত অৱতৰণ কৰে৷ উল্লেখ্য যে এই দিনটোতে প্ৰধানমন্ত্ৰী লাডাখ যাব বুলি আগতীয়াকৈ কোনো খবৰ দিয়া নাছিল৷ সেনাৰ তিনিটা বাহিনীৰ প্ৰধান চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু স্থল বাহিনীৰ প্ৰধান মনোজ মুকুন্দ নৰবনক লগত লৈ গৈছিল প্ৰধানমন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰীৰ এই আকস্মিক ভ্ৰমণ অতি তাৎপর্যপূর্ণ বুলি উল্লেখ কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞই৷ লেহৰ পৰা প্ৰধানমন্ত্ৰী এলএচি দিশে যায় বুলি প্ৰাথমিক খবৰ পোৱা গৈছে৷ এলএচিত ভাৰতীয় সেনা বাহিনীৰ যিমানবোৰ সীমান্ত চকী আছে তাৰে কেইটামানলৈ প্ৰধানমন্ত্ৰী যায় আৰু সীমান্তত মোতায়েন জোৱানৰ লগত কথা পাতে বুলি জানিব পৰা গৈছে৷ যোৱা ১৫ জুনৰ নিশা গালৱানত হোৱা সংঘৰ্ষত জোৱান হতাহত হৈছিল৷ তেওঁলোকক প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে লেহত দেখা কৰিছে বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰী আগতে লেহ গৈছিল, আনকি সীমান্তত অৱস্থিত ফৰৱাৰ্ড লেণ্ডিং গ্ৰাউণ্ড নিমুত তেওঁৰ বিমান অৱতৰণ কৰিছে৷ তাক লৈ এতিয়াও ধোঁৱাৰ মাজত আছে৷ প্ৰধানমন্ত্ৰী দপ্তৰ বা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা প্ৰধানমন্ত্ৰী যে লাডাখ যাব সেই কথা আগতে জনোৱা নাছিল৷ যোৱা বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং লাডাখ ভ্ৰমণ কৰাৰ কথা আছিল৷ কিন্তু সেই ভ্ৰমণ মুহূৰ্ততে বাতিল হয়৷ কিয় বাতিল কৰিলে দিল্লীয়ে স্পষ্টকৈ জনোৱা নাই৷ কিন্তু প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে চীনৰ সৈতে আলোচনা প্রক্রিয়া আগুৱাই যোৱাৰ বাবে ৰাজনাথ সিঙৰ ভ্ৰমণ স্থগিত কৰা হ’ল৷ ভাৰতে এতিয়া সংঘাত বিচৰা নাই৷ বৰং পৰিস্থিতি প্ৰশমিত হ’লে সামৰিক তৎপৰতা কমাই অনাৰ লক্ষ্য ৰাজনাথ সিঙৰ ভ্ৰমণ স্থগিত কৰাটোৱে সেই বাৰ্তা দিয়ে বুলি কোনো কোনো মহলে ব্যাখ্যা দিয়ে৷ কিন্তু শুকুৰবাৰে পুৱা স্পষ্ট হয় যে অধিক ডাঙৰ বাৰ্তা চীনক দিবৰ বাবেই বৃহস্পতিবাৰে ৰাজনাথ সিঙৰ ভ্ৰমণ স্থগিত হৈছিল৷ এলএচিত পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছত স্থল সেনা প্ৰধান মনোজ মুকুন্দ নৰবান আৰু বায়ু প্ৰধান আৰ কে এছ ভদৌৰিয়া আগেয়ে লাডাখ ঘুৰি আহিছিল৷ তেওঁলোকে সামৰিক প্ৰস্তুতি চাই আহিছিল ৷ যিকোনো আগ্রাসনৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰত সাজু বুলিও জনোৱা হৈছিল৷ তাৰ পাছত চীনৰ সৈতে আলোচনা হৈছিল৷ তাৰ মাজতে আকস্মিকভাৱে প্ৰধানমন্ত্ৰী মোডী লাডাখত উপস্থিত হয় ৷ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে সেনা বাহিনীৰ মনোবল বৃদ্ধি পাই বুলি জানিব পৰা গৈছে ৷

Leave A Reply