মাজুলীৰ এগৰাকী উদীয়মান প্ৰতিশ্ৰুতিসম্পন্ন কবি শংকুসিদ্ধ নাথৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘এদিন সময়বোৰ আমাৰ হ’ব’ শীৰ্ষক কাব্যগ্ৰন্থখনি আজি অসম সাহিত্য সভাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় | অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কাব্যগ্ৰন্থখন উন্মোচন কৰি কয় যে অসমীয়া আধুনিক কবিতাৰ পথাৰখনত কবিয়ে সেউজীয়া শইচ সিচিবলৈ আৰম্ভ কৰিছে সেইসকলৰ মাজত শংকুসিদ্ধ নাথ অন্যতম | ছন্দময় উল্লাস, সৰলৰৈখিক অনুসিক্ত অনুৰণনে ‘এদিন সময়বোৰ আমাৰ হ’ব’ কাব্যগ্ৰন্থখনিক ন-সাজ প্ৰদান কৰিছে | অসম সাহিত্য সভাৰ ৰামধেনু সমিতিৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা আৰু নগাঁও জিলা আকাশ সমিতিৰ আহ্বায়িকা কবি দীপ্তি বৰাই সঞ্চালনা কৰা বৰ্ণিল অনুষ্ঠানটিত অসম সাহিত্য সভাৰ মুখপাত্ৰ ড০ সঞ্জীৱ কুমাৰ শৰ্মা, ৰামধেনু সমিতিৰ উপসভাপতি কৰুণাকান্ত শৰ্মা, জনপ্ৰিয় কবি-সাংবাদিক তথা মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক পাপু বৰা, মাজুলী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মহিম চন্দ্ৰ নাথ, আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা প্ৰমুখ্যে বহুকেইজন কবি-সাহিত্যিকে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় |
Breaking
- আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ
- মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট শ্ৰমিক নেতা চিন্তাৰাম চাহুক অভিন্দন
- ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা
- বেঙেনাবাৰী অঞ্চলৰ শিঙিবিল গাওঁত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ
- “শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ”: বিধায়ক বিমল বড়া
- তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ
- দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন
- গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি
- পানবজাৰ মহিলা আৰক্ষী থানাত কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ
- বিধান সভা নিৰ্বাচন সন্দৰ্ভত শীৰ্ষ বিষয়াৰে নাজিৰা মহকুমা প্ৰশাসনৰ আলোচনা