Breaking

ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত কবি সন্মীলন…

0 1,561

ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত ভেৰগাঁও কে কে বৰুৱা ছোৱালী হাইস্কুলৰ সভা কক্ষত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ’এশ গৰাকী বড়ো মহিলা কবি সন্মীলন অনুষ্ঠিত হয়৷ ওদালগুৰি জিলা আবৌফৰ প্ৰাক্তণ সভানেত্ৰী বিথ’ৰাই বড়োৰ সঞ্চালনাত অনুষ্ঠিত স্বৰচিত কবিতা আবৃত্তি অনুষ্ঠানত ভেৰগাঁও জিলাৰ টংলা,কলাইগাঁও,ভকতপাৰা,খৈৰাবাৰী,খাগ্ৰাবাৰী,পানেৰী,ডিমাকুছি আৰু ভেৰগাঁৱৰ শতাধিক নবীন-প্ৰবিন লেখিকা সকলে অংশ লৈ নিজৰ স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে৷

অনুষ্ঠানৰ শুভাৰম্ভ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তণ সম্পাদক তথা ভেৰগাঁও বড়ো সাহিত্য সভাৰ উপদেষ্টা কামেশ্বৰ বড়োৱে৷ অনুষ্ঠানত ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি বুদ্ধেশ্বৰ বড়ো,সম্পাদক বাবুল স্বৌৰাং বড়ো সহিতে কেবাগৰাকী লেখক-লেখিকা সকলে অংশ লয়৷

Leave A Reply