Breaking

খাদ্যৰ নামত বৰবিহ : চাহপানী নে বিহপানী

0 1,337

নাজিৰা : দেশৰ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ নামত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও আজিও দেশৰ ৮০% জনতাই খাদ্যৰ নামত শ্ল’পইজন ৰূপী বৰবিহ সেৱণ কৰি থাকিবলগীয়া হোৱাটো অত্যন্ত পৰিতাপৰ কথা ৷ উল্লেখ্য যে দেশৰ জনতাৰ নিত্য ব্যৱহাৰ্য প্ৰতিটো খাদ্য সামগ্ৰীতেই বিভিন্ন ধৰণৰ মাৰাত্মক ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে৷ উদাহৰণস্বৰূপে আমাৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই ৰাতিপুৱা শুই উঠাৰ পৰাই দিনটোত কেইবাবাৰো খোৱা “চাহপানী” টোপাৰ কথাই ক’ব পাৰি৷ ৭৬৫ খন বৃহৎ আৰু প্ৰায় এক লাখৰো অধিক মজলীয়া তথা সৰু সৰু চাহ বাগান থকা আমাৰ অসমে বছৰি প্ৰায় ৫৭০ মিলিয়ন কিলোগ্ৰামতকৈও বেছি চাহপাত উৎপাদন কৰে৷ চাহ গছৰ অধিক উৎপাদনশীলতাৰ বাবে সৰু বৰ চাহ বাগান সমূহে অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কীটনাশক আৰু পুষ্টিবৰ্দ্ধক ৰাসায়নিক সাৰ সমূহৰ অৱশিষ্ট চাহপাতত ৰৈ যোৱাৰ হেতু আজিকালি স্বাস্থ্য সচেতন পশ্চিমীয়া বিশ্বকে ধৰি আন বহু দেশেও ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা খাদ্য সামগ্ৰী বৰ্জ্জনৰ বিপৰীতে জৈৱিক(Organic) কৃষিক প্ৰাধান্য দিয়াৰ ফলত ভাৰতীয় চাহৰ বজাৰত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে যদিও আমাৰ সাধাৰণ ৰাইজে আজিও বিনাদ্বিধাই ৰাসায়নিক দ্ৰব্য মিশ্ৰিত চাহকে ধৰি আন বিভিন্ন এনে খাদ্যকেই গ্ৰহণ কৰি আছো৷

Leave A Reply