Breaking

চানমাৰীত ভুৱা ট্ৰেভেল এজেণ্টক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে…

0 82

গুৱাহাটীত গ্ৰাহকক প্ৰতাৰণা কৰি প্ৰৱঞ্চনামূলক ট্ৰেভেল এজেন্সী চলোৱাৰ অভিযোগত সোমবাৰে চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ব্যক্তিক।বিষয়াসকলে জনোৱা মতে, অভিযুক্তই গুৱাহাটীৰ পল্টন বজাৰ অঞ্চলত ‘ভিছা চাৰ্ভিচ এণ্ড ডিস্কভাৰী ট্যুৰছ এণ্ড ট্ৰেভেলছ’ নামৰ ট্ৰেভেল এজেন্সী চলাই আহিছিল। আৰক্ষীয়ে তেওঁক অংশুমান পাল বুলি চিনাক্ত কৰিছে।

বিষয়াসকলৰ মতে, পালে যুক্তৰাজ্যলৈ যাব বিচৰা এজন গ্ৰাহকক প্ৰতাৰণা কৰিছিল। ভিছা আৰু বিমানৰ টিকট বুকিংৰ নামত ১.৮ লাখ টকা প্ৰৱঞ্চনা কৰে অভিযুক্তই। ১ জানুৱাৰীত ভুক্তভোগীয়ে এই ধন দাখিল কৰিছিল যদিও আৰু কোনো যোগাযোগ নোহোৱাৰ পিছত সন্দেহ প্ৰকাশ কৰে। এই জালিয়াতিৰ কথা উপলব্ধি কৰাৰ পিছত ভুক্তভোগীয়ে চান্দমাৰী থানাত এজাহাৰ দাখিল কৰে, যাৰ ভিত্তিত আৰক্ষীয়ে প্ৰৱঞ্চকজনক গ্ৰেপ্তাৰ কৰিবলৈ কাম কৰে।

পালক গ্ৰেপ্তাৰ কৰাৰ পিছত এই কথা পোহৰলৈ আহিল যে তেওঁ পূৰ্বেও আন ভুক্তভোগীৰ সৈতে একেধৰণৰ প্ৰৱঞ্চনা কৰিছিল। তেওঁক সোধা-পোছাৰ বাবে ৰখা হৈছে আৰু সময়ত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিষয়াসকলে উল্লেখ কৰিছে। মন কৰিবলগীয়া যে ২০২২ চনৰ অক্টোবৰ মাহত গুৱাহাটীত দুটা এটিএম জালিয়াতিৰ গোচৰত পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেওঁলোকৰ হাতত ৬৮খন এটিএম কাৰ্ড উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, ধৃত ব্যক্তিকেইজনে জালিয়াতিৰে ধন উলিয়াবলৈ অচিনাকি ব্যক্তিৰ এটিএম কাৰ্ড সলনি কৰিছিল।

Leave A Reply