Breaking

কলিয়াবৰত সামাজিক অনুষ্ঠানৰ সহযোগত আৰক্ষীৰ সজাগতা অভিযান

0 133

কলিয়াবৰ

মাস্ক পৰিধানৰ বাবে কলিয়াবৰত সজাগতা অভিযান অনুষ্ঠিত হয়। পুৱেৰণ সংঘৰ সহযোগত চুলুং আৰক্ষীয়ে নলতলিত চলায় এই অভিযান। মাস্ক নিপিন্ধা ব্যক্তিক মাস্ক উপহাৰ দি পৰিধানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ কৰে আৰক্ষী আৰু পুৱেৰণ সংঘৰ সদস্যসকলে। দেওবাৰৰ পৰা মাস্ক নিপিন্ধা ব্যক্তিক ৫০০ টকাকৈ জৰিমনা বিহিব বুলি আৰক্ষীয়ে এই অভিযান কালত সতৰ্ক কৰি দিয়ে ৰাইজক।

Leave A Reply