Breaking

শিমলীতোলাত আৰক্ষীৰ চুলাইৰ ঘাটি উচ্ছেদ অভিযান

0 1,051

ৰাজ্যত অব্যাহত আছে চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান তেনে সময়তে নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী পূৱ গোৱালপাৰা জিলাৰ শিমলীতোলাত শুক্ৰবাৰৰ সন্ধিয়াত আৰক্ষীয়ে চলালে ব্যাপক অভিযান। গাঁৱে গাঁৱে ঘূৰি আৰক্ষীয়ে উৎখাত কৰিলে কেইবাটাও চুলাইৰ ঘাটি। শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনৰ নেতৃত্বত চলিছিল এই চুলাই ধ্বংস অভিযান। অঞ্চলটোৰ ক্ৰমে চেগুনবাৰী, নেপালী পাৰা আদি গাওঁত সোমাই আৰক্ষীৰ দলটিয়ে বুজন পৰিমাণৰ বিক্ৰীৰ বাবে মজুত কৰা চুলাইৰ পেকেট আৰু চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত পচা চাউল, বাখৰ আদি জব্দ কৰি সকলো নষ্ট কৰাৰ উপৰিও ব্যৱহৃত বাচন-বৰ্তন জব্দ কৰে। সম্প্ৰতি অঞ্চলটোক সম্পূৰ্ণৰূপে চুলাই মুক্ত কৰাৰ সংকল্পেৰে আগলৈও আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Leave A Reply