Breaking

আকৌ আৰক্ষীৰ এনকাউনণ্টাৰ : ধৰ্ষণকাৰীৰ পাছত এইবাৰ নাৰী অপহৰণকাৰীক গুলীয়ালে আৰক্ষীয়ে

0 2,038

বাক্সাৰ তামুলপুৰত আৰক্ষীৰ এনকাউনণ্টাৰ।

▶নাৰী অপহৰণকাৰী তথা নাৰী ব্যৱসায়ী জেহিৰুল ইছলামক গুলীয়ালে আৰক্ষীয়ে।

▶প্ৰেমৰ চলনাৰে জেহিৰুলে শিশু সহ মহিলাক অপহৰণ কৰি বিক্ৰী কৰিছিল বিহাৰৰ কিষাণগঞ্জ জিলাৰ প্ৰেমনগৰৰ নিষিদ্ধ এলেকাত।

▶আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে জেহিৰুললৈ লক্ষ্য কৰি গুলীচালনা কৰে।

▶জেহিৰুলৰ ঘৰ ধুবুৰীৰ দক্ষিণ শালমাৰা অঞ্চলত।

▶বৃহস্পতিবাৰে আৰক্ষীৰ এটি দলে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলক।

▶আৰক্ষীয়ে তদন্তৰ বাবে ৰামেচুবৰী গাঁওলৈ লৈ যোৱা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল জেহিৰুলে।

▶আৰক্ষীয়ে জেহিৰুললৈ লক্ষ্য কৰি গুলি চালনা কৰাত ভৰিত গুলি লাগি আহত হয়।

Leave A Reply