Breaking

থানাৰ ভিতৰতে নগ্ন কৰি ফটো উঠোৱাৰ দৰে জঘণ্য ঘটনাৰ মূল অভিযুক্ত পলাতক আৰক্ষী বিষয়া বিমান ৰয়ৰ সন্ধান দিওতাক দিয়া হ’ব পুৰস্কাৰ

0 224

নলবাৰীত আৰক্ষীৰ জঘন্য কাণ্ড। ঘগ্ৰাপাৰ আৰক্ষী থানাত এগৰাকী চৰিত্ৰহীন আৰক্ষী বিষয়াৰ নিৰ্যাতনৰ বলি হ’ল এগৰাকী কিশোৰী।

এই জঘন্য কাণ্ড কিছুদিন পূৰ্বে নলবাৰী ঘগ্ৰাপাৰ থানাত সংঘটিত হৈছিল। কাপোৰ খুলিবলৈ ভাবুকি দি উপ-পৰিদৰ্শকগৰাকীয়ে ম’বাইলেৰে ফটো উঠাইছিল উলংগ অৱস্থাত থকা কিশোৰীগৰাকীৰ।

এই নিৰ্লজ্জ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য। এনেবোৰ ঘটনাৰ মাজতে বৃহস্পতিবাৰে ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া বিমান ৰয়ক নিলম্বন কৰে। বৃহস্পতিবাৰে আবেলি টুইটযোগে এই কথা প্ৰকাশ কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

সম্প্ৰতি আৰক্ষী বিষয়া বিমান ৰয় পলাতক অৱস্থাত আছে। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। পলাতক অৱস্থাত থকা বিমান ৰয়ৰ সন্ধান দিওতাক পুৰস্কৃত কৰা হ’ব। টুইটযোগে জনালে DGP জি পি সিঙে।

Leave A Reply