ডবকা : হোজাই জিলাৰ ডবকাৰ যমুনানৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। শনিবাৰে সন্ধিয়াৰ ভাগত যমুনানৈত পানীত উপঙি থকা অৱস্থাত এই মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰে। হোজাইৰ নাম ডবকা গাঁৱৰ নৈৰ পৰা উদ্ধাৰ হয় এই মৃতদেহটো। প্ৰায় ৪০-৪২ বছৰীয়া পুৰুষৰ মৃতদেহটো কোনো লোকে হত্যা কৰি নদীত উটুৱাই দিয়াৰ সন্দেহ কৰা হৈছে। মৃতদেহৰ শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন স্পষ্ট। আৰক্ষীয়ে এই অচিনাক্ত মৃতদেহ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বাতৰি লিখা লৈকৈ লোক জনৰ পৰিছয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে। কোনো লোকে লোক জনৰ পৰিছয় পালে পৰিয়ালৰ লগতে আৰক্ষীক অৱগত কৰাৰ অনুৰোধ জনাইছে ডবকা আৰক্ষীয়ে।