Breaking

মাণিকপুৰত বাইক চালকৰ বাইকৰ খুন্দাত গুৰুত্বৰ ভাবে আহত কৰ্তব্যৰত আৰক্ষী।চালকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ

0 3,349

বঙাইগাঁও জিলাৰ মাণিকপুৰত আৰক্ষীয়ে তহল দি থকাৰ সময়তে উদণ্ড বাইক চালকৰ খুন্দাত গুৰুত্বৰ ভাবে আহত হয় এজন আৰক্ষী।মাণিকপুৰত আৰক্ষীৰ এটা দলে তালাচী চলাই থকাৰ সময়তে জাকুৱাপাৰাৰ উদণ্ড বাইক চালক কৰ্তবমনি ৰায়ে বাইক চলাই আহে। আৰক্ষীয়ে কৰ্তবক গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে যদিওঁ গাড়ী লৈ থিয় হোৱাৰ পৰিৱৰ্তে তীব্ৰ বেগেৰে গুচি যাবলৈ চেষ্টা কৰোতে আৰক্ষী কনিষ্টবল পংকজ গোস্বামীক খুন্দিয়াই। ফলত আৰক্ষী কনিষ্টবল পংকজ গোস্বামী গুৰুত্বৰ ভাবে আহত হয়।

আহত আৰক্ষীক ততাতৈয়াকৈ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিওঁ হাত, ভৰি ভাঙি যোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ লৱাৰ আছাম হস্পিতালত ভৰ্তি কৰে।ইফালে দুৰ্ঘটনা সংঘটিত কৰা উদণ্ড বাইক চালকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

Leave A Reply