Breaking

জামুগুৰিহাটত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ পদসঞ্চালন

0 1,277

ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বৰ্তমান অধিক ভয়াবহ হৈ উঠিছে ক’ভিডৰ গণ সংক্ৰমণ।শোণিতপুৰ জিলাৰ ভিতৰতে বৰ্তমান আক্ৰান্তৰ হাৰ সৰ্বাধিক হোৱা জামুগুৰিহাটৰ গ্ৰামাঞ্চললৈকে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ নিৰ্দেশত এতিয়া জামুগুৰি আৰক্ষীয়ে লগত অৰ্ধসামৰিক বাহিনী আৰু জিলাপৰ্যায়ৰ বিষয়াক লগত লৈ একাংশ অসচেতন লোকক সচেতন কৰিবৰ বাবেই গাঁৱে গাঁৱে পদসঞ্চালন কৰাৰ লগতে দিব লগা হৈছে আৰক্ষীয়ে তহল৷ক’ভিড প্ৰট’কল ভংগ কৰা বাটে ঘাটে মটৰ চাইকেল লৈ ঘুৰা ফুৰা একাংশ লোকক জৰিমণা বিহাৰ লগতে বেত্ৰাঘাটো কৰিব লগীয়া হৈছে আৰক্ষীয়ে৷ইয়াৰোপৰি বজাৰ সমাৰ বন্ধ থকাৰ পিছতো ক’ভিড প্ৰট’কল ভংগ কৰি একাংশ বেপাৰীয়ে শাক পাচলি,মাংস আদি গাঁৱৰ তিনিআলি চাৰিআলিত বিক্ৰী কৰি থকা লোকসকলকো ঘুৰাই পঠাবলগীয়া হৈছে আৰক্ষীয়ে৷অঞ্চলটোত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবেই জিলা প্ৰশাসণে আনকি মাইক লৈ ৰাইজক সজাগ আৰু সচেতন কৰাৰ লগতে সন্ধিয়াৰ ভাগত একাংশই নীতি নিয়ম ভংগ কৰি সান্ধ্যভ্ৰমণ কৰি সময় অতিবাহিত কৰা মহিলা পুৰুষ সকলকো আৰক্ষীয়ে সতৰ্ক কৰি  দিয়া পৰিলক্ষিত হৈছে৷উল্লেখ্য যে জামুগুৰিহাটত বৰ্তমানলৈকে ১৬ শৰো অধিক লোক ক’ৰনাত আক্ৰান্ত হোৱাৰ লগতে ১৬ জনকৈ লোক মৃত্যুমুখত পৰাৰ উপৰিও ১৫০ গৰাকীৰো অধিক আক্ৰান্ত চিকিৎসাধীন হৈ আছে৷জোন বৰা,জামুগুৰিহাট।

Leave A Reply