Breaking

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানঃবৃহৎ পৰিমানৰ আফিম জব্দ

0 2,013

সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছ আৰু বিভিন্ন নিচা যুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰখা সময়ত আজি গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই এখন ট্ৰাকত লুকুৱাই অনা বৃহৎ পৰিমানৰ আফিম উদ্ধাৰ কৰে।আৰক্ষী সূত্ৰই সদৰী কৰা মতে শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচী চলাওতে এখন ট্ৰাকৰ তেলৰ টেংকিৰ তলত লুকুৱাই অনা ২০ পেকেট আফিম উদ্ধাৰ কৰে যদিও ট্ৰাকৰ চালক খালাচী সকল ছেগ বুজি পলাই যায়।আটকাধীন পিবি-১০-এফ-০১৬৭ নম্বৰৰ ট্ৰাকখন আটক কৰাৰ লগতে নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰে।জব্দকৃত আফিমৰ মূল্য ৫০ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে।

Leave A Reply