Breaking

বিহালীৰ বৰগাংত আৰক্ষীয়ে জব্দ কৰিলে গৰু ভৰ্তি ১২ চকীয়া ট্ৰাক

0 42

বিহালীৰ বৰগাংত আৰক্ষীয়ে জব্দ  কৰিলে গৰু ভৰ্তি ১২ চকীয়া ট্ৰাক । দেওবাৰে বিহালী আৰক্ষী থানা অন্তৰ্গত বৰগাং আৰক্ষী চকী ভা: প্ৰাপ্ত আৰক্ষী বিষয়া নেতৃত্বত বৰগাং ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই গৰু ভৰ্ত্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।


NL-02-N1406 মালবাহী ট্ৰাক খনত লক্ষীমপুৰৰ পৰা নগাওঁলৈ আনিছিল ২৯ টাকৈ পশুধন৷আৰক্ষীৰ নিয়মীয়া এই  তালাচীত ১৫ নং ঘাইপথৰ পৰা জব্দ কৰে ট্ৰাকসহ গো-ধন৷ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত তিনিজনক আটক কৰিছে আৰক্ষীয়ে ৷ ধৃত ব্যক্তি তিনিজন ক্ৰমে হাইৰুল হুচেইন, হামিদূল ইছলাম আৰু জামিনুল হ’ক ৷ধৃত লোক এজনৰ পৰা ৩৪১০০ টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷

Leave A Reply