Breaking

কুটিল হত্যাকাৰী আফটাবৰ শৰীৰত আৰক্ষীৰ “ট্ৰুথ চিৰাম”…

0 132

এটা জঘন্য হত্যাকাৰী। আফটাব। প্ৰেমিকাকক টুকুৰা টুকুৰকৈ কাটি ফ্ৰিজত ভৰাই থৈছিল। যেন একো হোৱাই নাই। তাৰ পিছত আকৌ নতুন যুবতীৰ সৈতে প্ৰেমলীলা। ফ্ৰিজত প্ৰেমিকাৰ মাংসপিণ্ড থকাৰ পিছতো তাৰেই পানী খাইছিল নিচিন্ত মনে।

কি বিকৃত মানসিকতা। অবশেষত ধৰা পৰে আৰক্ষীৰ হাতত। আৰক্ষীৰ প্ৰশ্নত হাঁহি দিছে উত্তৰ। হতবাক আৰক্ষীওঁ। আফটাবে বহু প্ৰশ্নৰ উত্তৰ মিছাকৈ দিয়াত আদালতৰ দ্বাৰস্থ হৈ অনুমতি ল’লে নাৰ্কো টেষ্টৰ। হত্যাকাৰী আফটাবৰ শৰীৰত সুমুৱাই দিয়া হ’ল ছডিয়াম পেন্টোথাল। কিছু সময়ৰ পিছত আফটাব হৈ পৰে অৰ্দ্ধ সচেতন। কৈ যায় সবিশেষ। চকু কপালত আৰক্ষীৰ।

ট্ৰুথ চিৰামৰ সহায়ত আৰক্ষীয়ে আফটাবৰ মুখেৰে বাহিৰ কৰিছে শ্ৰদ্ধা হত্যাৰ তথ্য। দুধৰ্ষ অপৰাধী অথবা হত্যাকাৰীয়ে তথ্য গোপন কৰিলে আদালতৰ অনুমতি সাপেক্ষে অপৰাধীক নাৰ্কো টেষ্ট কৰি তথ্য উদঘাটন কৰে। হত্যাকাৰী আফটাবৰ ক্ষেত্ৰতো এই ব্যৱস্হা গ্ৰহন কৰে আৰক্ষীয়ে।

Leave A Reply