Breaking

লখিমপুৰত শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ সম্পন্ন…

0 10

অষ্টাদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ১২ নং লখিমপুৰ লোকসভা সমষ্টিত বিয়লি ৫ বজা পৰ্যন্ত প্ৰায় ৭০ শতাংশ ভোটদান সাব্যস্ত হয় । উল্লেখ্য যে, এইবাৰ লোকসভা সমষ্টিটোৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ১৫,৬৯,৫৩১ গৰাকী ভোটাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। পূৰ্বৰ মাজুলী আৰু চাবুৱা সমষ্টি দুটা ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ পৰা কৰ্তন কৰি নতুনকৈ গঠন হোৱা ৰঙানদী সমষ্টি আৰু চিচিবৰগাঁও সমষ্টিক এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত অন্তৰ্ভুক্ত কৰাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰতিগৰাকী প্ৰাৰ্থীৰে নিৰ্বাচনী অংকত একপ্ৰকাৰ আউল লাগিছে। তথ্যমতে, এইবাৰ লোকসভা সমষ্টিটোত অন্তৰ্ভুক্ত হোৱা ৰঙানদী বিধানসভা সমষ্টিৰ ১,৬৯,৮৫৫ গৰাকী ভোটাৰে ১৮৫ টা ভোটকেন্দ্ৰত, নাওবৈচা বিধানসভা সমষ্টিৰ ১,৬৮,৫১১ গৰাকী ভোটাৰে ১৮৭ টা ভোটকেন্দ্ৰত, লখিমপুৰ বিধানসভা সমষ্টিৰ ১,৬৬,৫০৯ গৰাকী ভোটাৰে ১৮১ টা ভোটকেন্দ্ৰত, ঢকুৱাখনা বিধানসভা সমষ্টিৰ ১,৬০,৮৯৬ গৰাকী ভোটাৰে ১৯৮ টা ভোটকেন্দ্ৰত, ধেমাজি বিধানসভা সমষ্টিৰ ১,৭১,৬০২ গৰাকী ভোটাৰে ১৯২ টা ভোটকেন্দ্ৰত,

নৱগঠিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ১,৭৫,২০২ গৰাকী ভোটাৰে ২০১ টা ভোটকেন্দ্ৰত, জোনাই বিধানসভা সমষ্টিৰ ২,১৪,০৯৫ গৰাকী ভোটাৰে ২৩৩ টা ভোটকেন্দ্ৰত, শদিয়া বিধানসভা সমষ্টিৰ ১,৯৯,৬৬৫ গৰাকী ভোটাৰে ২৩৭ টা ভোটকেন্দ্ৰত আৰু ডুমডুমা বিধানসভা সমষ্টিৰ ১,৪৩,১৯৬ গৰাকী ভোটাৰে ১৬১ টা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে । লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই উন্নয়নৰ শ্লোগানৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে ব্যাপক ৰূপত নিৰ্বাচনী অভিযান অব্যাহত ৰখাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাইও বিজেপি দলৰ মিথ্যাচাৰক সমালোচনা কৰি নিৰ্বাচনী অভিযান তীব্রতৰ কৰি তুলিছিল । উল্লেখ যে অষ্টাদশ লোকসভা নিৰ্বাচনৰ বাবে এইবাৰ লখিমপুৰ লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীৰূপে সাংসদ প্ৰদান বৰুৱাই, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে ঘনকান্ত চুতীয়াই, চ’ছিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়া (কমিউনিষ্ট) দলৰ প্ৰাৰ্থী পল্লৱ পেগু আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেছনেল দলৰ প্ৰাৰ্থী বীৰেন বাইলুঙে ভাৰতীয়

জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা, কমিউনিষ্ট পাৰ্টি অব ইণ্ডিয়া দলৰ প্ৰাৰ্থী ধীৰেন কছাৰীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰূপে গোবিন বিশ্বকৰ্মা, দেৱনাথ পাইত আৰু বিক্ৰম ৰামচিয়াৰীয়ে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছিল । আজিৰ ভোটগ্ৰহন প্ৰক্ৰিয়াত লখিমপুৰ লোকসভা সমষ্টিটোৰ অন্তৰ্গত বিয়লি ৫ বজা পৰ্যন্ত ৭৬ নং লখিমপুৰ বিধানসভা সমষ্টিত ৬৭ শতাংশ , ৭৫ নং নাওবৈছাত ৬৬ শতাংশ ,৭৪ নং ৰঙানদীত ৬৬ শতাংশ , ঢকুৱাখনাত ৭৫”২৯ শতাংশ , ধেমাজিত ৬৮’৯০ শতাংশ ,চিচিবৰগাঁওত ৬৯’০৬ শতাংশ ,জোনাইত ৭০ শতাংশ, শদিয়াত ৬৩’১৮ শতাংশ, আৰু ডুমডুমাত ৭০’৮৫ শতাংশ ভোটদান সাব্যস্ত হয় । আজিৰ ভোটদান প্ৰক্ৰিয়াত লখিমপুৰ আৰু ৰঙানদী সমষ্টিৰ ১ নং পাচনৈ আৰু ২ নং পাঁচনৈ ভোট কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ বাবে এক ঘন্টা পলমকৈ ভোটদান সাব্যস্ত হয় ৷
অজিত কুমাৰ মেধি ,লখিমপুৰ

Leave A Reply