Breaking

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা বৰডুমছা সংযোগী সীমান্তৱৰ্তী গড়কপ্তানী পথৰ দুৰৱস্থা

0 1,088

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিৰাক সীমান্ত : তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, সোনজান মাধৱপুৰৰ পৰা বৰডুমছা সংযোগী সীমান্তৱৰ্তী গড়কপ্তানী পথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক জ্বলাকলা খুৱাই অতিষ্ঠ কৰি তুলিছে । উক্ত পথটোৱেই হৈছে সোনজান, কৈলাশপুৰ, ৱাথৈ, লিটং, বেটনি, তিনিআলি নগাঁও, হাটীগড়, ৰত্নপুৰ, দীঘলীপথাৰ, আদিকে ধৰি বহুকেইখন গাঁৱৰ মুখ্য পথ । পথটোৰ বিভিন্ন স্থানত অতিকৈ বিধ্বস্ত হৈ এক পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। এই পথটোত থকা পুখুৰী সদৃশ গাঁত সমূহত পথচাৰী, বাইক, স্কুটী, সৰুবৰ গাড়ীসমূহ দুৰ্ঘটনাত পতিত হৈ একাধিক জীৱশ্ৰেষ্ঠৰ মৃত্যুমুখত যে নপৰিব তাক নুই কৰিব নোৱাৰি । পথৰ পুখুৰী সদৃশ গাঁতৰ পানীৰ তলত মৃত্যুৰ কাৰক হিচাপে আত্মগোপন কৰি থকা এই প্ৰকাণ্ড প্ৰকাণ্ড গাত সমূহ মেৰামতি কৰি এটা সুন্দৰ পথ নিৰ্মাণ কৰি  ৰাইজক উপহাৰ দিয়াত চুড়ান্তভাবে ব্যৰ্থ হৈছে উন্নয়নৰ জয়ঢোল বজোৱা বিজেপি নেতৃত্বাধীন সোনোৱাল চৰকাৰ । উক্ত পথটো মেৰামতিৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মায়ো বিশেষ প্ৰদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।  অতিশ্ৰীঘে উক্ত পথটো মেৰামতি কৰি যাতায়তৰ সুচল কৰি তুলিবলৈ ভুক্তভোগী ৰাইজে  বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক আহ্বান জনাইছে । অনাগত দিনত চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতি কৰাত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হ’ব ।

Leave A Reply