Breaking

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১ নং সৰুমেছাই (কুৰুকানী) গাঁও সংযোগী পথৰ দুৰৱস্থা : চৰকাৰ কিম্বা জন প্ৰতিনিধিৰ নাই কোনো কানসাৰ ।

0 1,446

ডিৰাক সীমান্ত : চৰকাৰ আহে চৰকাৰ যায়, কিন্তু ৰাইজৰ যাতায়াত সমস্যাৰ কোনো সমাধান নহয় ৷ বছৰৰ পিছত বছৰ অতিবাহিত হ’ল, ইখনৰ পিছত সিখনকৈ চৰকাৰ আহিল আৰু গ’ল, কিন্তু কোনো পৰিৱর্তন নহ’ল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১ নং সৰুমেছাই (কুৰুকানী) গাঁও সংযোগী পথটোৰ । শাসনাধিস্থিত বিজেপি নেতৃত্বাধীন সোনোৱাল চৰকাৰখনে উন্নয়নৰ নামত বহুতো প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও ফুটুকাৰ ফেনত পৰিণত হৈছে উন্নয়নৰ প্ৰতিশ্ৰুতিসমূহ। যিমানেই উন্নয়ন জয়ঢোল নবজাওঁক কিয় এতিয়া গ্রাম্য পথৰ মৃত্যু ঘণ্টা বাজিছে । তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ, কাকপথাৰ উন্নয়ন খণ্ডৰ তথা ডিৰাক আৰু মাইথং গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ১ নং সৰুমেছাই (কুৰুকানী) গাঁও সংযোগী পথটোৰ দুৰৱস্থাৰ বাবেই সুদীৰ্ঘ কাল যমৰ যাতনা ভুগি আহিছে অঞ্চলবাসীয়ে । বাৰিষাৰ লগে লগে পথটো পংকময় আৰু ঠায়ে ঠায়ে পুখুৰীসদৃশ গাত সৃষ্টি হৈ পৰাৰ ফলত গাড়ী মটৰ চলাচলত বহু অসুবিধা সন্মুখীন হ’ব লগা হয় । পথটোৰ এনে দুৰৱস্থাৰ ফলত বেমাৰ-আজাৰ হ’লে ৰোগীক চিকিৎসালয়লৈ নিয়া, ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱা কৰা, কৃষি উৎপাদিত সামগ্ৰীসমূহ বজাৰলৈ নিয়া, ঘৰলৈ অন্য সামগ্ৰী অনাকে আদি কৰি বিভিন্নধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হোৱাৰ লগতে বিপদসংকুলভাবে যাত্ৰা কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজ । শতবৰ্ষ গৰকা গাঁওখনৰ মুখ্য পথটো আজিকোপতি চকুত নপৰিল চৰকাৰ, পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক কিম্বা নেতা পালিনেতাসকলৰ । উল্লেখযোগ্য যে, ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই একেৰাহে তৃতীয়টো কাৰ্যকাল পাৰ কৰিবলৈ মাজত মাথোঁ কেইটামান মাহ বাকী, কিন্তু আজি পৰ্যন্ত বিধায়কগৰাকীৰ চকুত নপৰিল বিধস্তময় পথটো । স্থানীয় ৰাইজে উক্ত পথটো অতি সোনকালে পকীকৰণ ব্যৱস্থা কৰিবলৈ স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে ।

Leave A Reply