Breaking

মাজুলীৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ দিগন্ত কাকতিক বাইচাইকেল প্ৰদান কৰুণা ফাউণ্ডেচনৰ ।

0 555

বিকাশ শইকীয়া :

চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে তিনিটা বিষয়ত লেটাৰসহ ৭৮.১৬ শতাংশ নম্বৰলৈ ষ্টাৰ পাই উত্তীৰ্ণ হয় মাজুলীৰ দক্ষিণপাট দীঘলী গাঁৱৰ গণেশ কাকতিৰ পুত্র দিগন্ত কাকতি। দিগন্তৰ পিতৃ পেচাত এজন ঠেলা চালক। দৰিদ্ৰ পৰিয়ালটিৰ  জেষ্ঠ কণ্যা যোৰহাট চিনামৰাস্হিত মৃণালী কাকতিয়ে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছদিনা একমাত্ৰ ভায়েক দিগন্তৰ উচ্চ শিক্ষা আহৰণৰ কাৰণে দৰিদ্ৰ পৰিয়ালটিৰ এটি চাৰ্ট, এখন চাইকেল  যোগাৰ দিৱলৈ অপাৰগ আদি কথা অৱগত কৰি মাজুলীৰ জনপ্ৰিয় সামাজিক, সাংস্কৃতিক অনুষ্ঠান মাজুলী ডায়েৰী পৰিয়ালৰ মুখ্য সঞ্চালকলৈ ডিজিটেল মাধ্যমৰ জড়িয়তে এখনি পত্ৰৰে বিষয়টি অৱগত কৰি পাৰে যদি যিকোনো প্ৰকাৰে হলেও সহায়ৰ হাত আগবঢ়াৱলৈ অনুৰোধ কৰে। লগে লগে পৰিয়ালটিৰ সঞ্চালকে  কেইবাজনো ভাতৃ প্ৰতিম সংবাদ বন্ধুক বিষয়টি অৱগত কৰি বাতৰি পৰিৱেশন কৰিৱলৈ অনুৰোধ জনায়। ইয়াৰ পাছতে মাজুলীৰ ৰিয়েল নিউজৰ সংবাদকৰ্মী পাপু বৰা, নিয়মীয়া বাৰ্তা তথা ঈশান নিউজৰ প্ৰাঞ্জল খাউণ্ড, BMC  নিউজৰ সঞ্জিত শইকীয়া, অসম আদিত্যৰ কল্পজিত শইকীয়াকে ধৰি আৰু কেইবাজনেও লগে লগে ছাত্ৰজনৰ ঘৰলৈ গৈ বিতংকৈ ছাত্ৰজনৰ বাতৰি পৰিবেশন কৰে। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে বহু অভাৱৰ মাজতে  ভাল ফলাফল পাৱলৈ সক্ষম হোৱা তথা ঘৰখনৰ আৰ্থিক দুৰৱস্থাৰ বিষয়ে সংবাদ মাধ্যমত  বিস্তৃত ভাবে প্ৰচাৰ হোৱাৰ পিছত তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছে মাজুলীৰ লগতে মাজুলীৰ বাহিৰৰো বিভিন্ন দল, সংগঠন, ব্যক্তি। আজি সাংসদ তপন কুমাৰ গগৈৰ জেষ্ঠ ভ্ৰাতৃ গৌৰীসাগৰ  শালকাথনি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিপেন গগৈয়ে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে মাজুলীৰ জনপ্ৰিয় প্ৰাক্তন বিধায়ক স্বৰ্গীয় কৰুণা দত্তৰ স্মৃতিত গঢ় লৈ উঠা মাজুলীৰ অন্যতম জনপ্ৰিয় সামাজিক অনুষ্ঠান ‘কৰুণা ফাউণ্ডেচন’ৰ হেপ্পী টু হেল্পৰ জড়িয়তে অনুষ্ঠানটিৰ পৃষ্ঠপোষক, মাজুলীৰ বিশিষ্ট ব্যৱসায়ী গড়মূৰ সত্ৰৰ বাসিন্দা দেৱজিৎ দত্তই ছাত্রজনক  এখন বাইচাইকেল প্ৰদান কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। দৰিদ্ৰ পৰিয়ালটোৱে চাইকেলখন পাই নথৈ আনন্দিত হোৱাৰ লগতে দাতাগৰাকীৰ লগতে তেওঁ পৰিয়াল, প্ৰধান শিক্ষক দ্বিপেন গগৈ আৰু বাতৰি পৰিবেশন কৰা প্ৰতিজন সংবাদকৰ্মী সমন্বিতে প্ৰথম অৱস্থাৰ পৰা সহায়ৰ হাত আগবঢ়োৱা মাজুলী ডায়েৰী পৰিয়াললৈ কৃতজ্ঞতা জনায়।

Leave A Reply