Breaking

শিল্পীৰ হাতৰ পৰশত নেলছন মেণ্ডেলা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু অখিল গগৈৰ প্ৰতিকৃতি

0 510

কলিয়াবৰ 

লকডাউনত আমাৰ চিন্তা-চেতনা, সৃষ্টিশীলতাক ৰুদ্ধ হ’বলৈ নিদিয়াৰ লক্ষ্যৰে গৃহবন্দীৰ অস্থিৰতাৰ মাজতে নতুন প্ৰজন্মৰ মাজত যোৱা ১২ৰ পৰা ৩০ এপ্ৰিললৈ এলানি প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আয়োজন কৰিছিল ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাই। অকণিৰ সাহিত্য সভাৰ সহযোগত মুখপুথিৰ জৰিয়তে অনলাইনযোগে অনুষ্ঠিত এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন স্থানৰ ৯ৰ পৰা ৫০ বছৰ বয়সৰ মাজৰ ৩৮ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ এই প্ৰতিযোগিতাত খাটি খোৱা মানুহৰ কল্যাণৰ অৰ্থে আপোচহীন সংগ্ৰামী বিষ্ণুপ্ৰসাদ ৰাভা, ২৭ টা বছৰ ৭ টা মাহ কাৰাৰুদ্ধ হৈ থকাৰ পিছতো আফ্রিকাৰ বৰ্ণ-বৈষম্যৰ প্ৰাচীৰখন বজ্ৰ হাতুৰীৰে ভাঙি পেলাবলৈ সক্ষম হোৱা মহান পুৰুষ নেলচন মেণ্ডেলা আৰু ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱত সমগ্ৰ বিশ্ব ত্ৰস্ত, বিধ্বস্ত হোৱা এই জটিল সন্ধিক্ষণতো কাৰাৰুদ্ধ হৈ থকা অখিল গগৈসহ এই তিনিজন ব্যক্তিৰ প্ৰতিকৃতি অংকন কৰিবলৈ দিয়া হৈছিল৷ জীৱনাদৰ্শৰ সাদৃশ্য থকা এই তিনিগৰাকী স্বনামধন্য মহান ব্যক্তিৰ প্ৰতিকৃতি অংকন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দহ গৰাকী চিত্ৰকৰক অহা বিশ জুনত অনুষ্ঠিত হ’বলগীয়া ৰাভা দিৱসত ১০০০ টকা নগদ ধন, মানপত্ৰৰে সন্মানিত কৰা হ’ব৷ গণনাট্য সংঘৰ নগাঁও জিলা সমিতিৰ হৈ এই প্ৰতিযোগিতাখনি পৰিচালনা কৰে শিশুবন্ধু দুলাল বৰা, বিশিষ্ট লেখক ড° বিন্দু ভূষণ বৰা, চিত্ৰকৰ ৰাকেশধীৰ মেধি, কবি নীলাভ সৌৰভ আৰু অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই। ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা সমিতিৰ সভাপতি দিপ্তি কুমাৰ বৰুৱা, কাৰ্যকৰী সভাপতি মোলান লস্কৰ আৰু সম্পাদক নিজৰা শইকীয়াই আজি নগাঁৱত এক প্ৰেছ বাৰ্তাযোগে এই কথা জনায় আৰু ফলাফল ঘোষণা কৰে। বয়স অনুযায়ী নিৰ্বাচিত হোৱা শ্ৰেষ্ঠ দহগৰাকী চিত্ৰকৰ ক্ৰমে তেজপুৰৰ অভিশ্রী চৌধুৰী (পঞ্চম শ্ৰেণী), গুৱাহাটীৰ শ্ৰুতি সিংহ (ষষ্ঠ শ্ৰেণী), হোজাইৰ নাহৰ কান্তি বড়ো (সপ্তম শ্ৰেণী), নগাঁৱৰ হৃষিকেশ কাশ্যপ(সপ্তম শ্ৰেণী), নগাঁৱৰ সুনাভ হাজৰিকা (অষ্টম শ্ৰেণী), চিৰাঙৰ আমিৰ হুছেইন (নৱম শ্ৰেণী), গুৱাহাটীৰ দিব্যজ্যোতি দাস (নৱম শ্ৰেণী), নগাঁৱৰ দেৱব্ৰত দত্ত (২২ বছৰ) আৰু মাজুলীৰ বেণীমাধৱ বৰুৱা (২৫ বছৰ)। কাৰাবন্দী অখিল গগৈৰ প্ৰতিকৃতি অংকন কৰি শিশু প্ৰতিযোগীয়ে জনালে অখিল গগৈৰ মুক্তিৰ দাবী৷ এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰি শিল্পীমনত সৃষ্টিশীলতাৰ বিকাশৰ লগতে সমাজসচেতনতাৰ ভাব প্ৰোথিত কৰাৰ গণনাট্য সংঘৰ এই অভিনৱ প্ৰয়াসক অভিভাৱক তথা সচেতন মহলে শলাগ লৈছে।

Leave A Reply