Breaking

ছাত্ৰ নেতা ভাৰত নাথৰ ইতিবাচক চিন্তা ৷ জামুগুৰিহাটত চেলুন ব্যৱসায়ৰে আত্ম সংস্থাপনৰ প্ৰচেষ্টা ৷

0 1,115

জামুগুৰিহাট : মহামাৰী কৰ’নাৰ এই সংকটকালত বহুলোক কৰ্মসংস্থাপনহীন হৈ পৰাৰ সময়তে জাতীয়তাবাদী সত্ত্বাৰে উৎসাহিত জামুগুৰিহাটৰ এজন যুৱক হৈ পৰিছে সকলোৰে আদৰ্শ৷যুৱকজনে আদৰি লোৱা কৰ্মটিক সকলোৱে সততে আদৰি লোৱা দেখা পোৱা নাযায় যদিও কম মুলধনত কৰিব পৰা কামটোকেই আঁকোৱালি লৈ আৰম্ভ কৰিছে তেওঁ এই ব্যৱসায়৷হয়,এখন চেলুন খুলি বহি:ৰাজ্যৰ লোকসকলৰ হাতত থকা ব্যৱসায়টিক থলুৱা লোকৰ হাতলৈ ঘুৰাই আনিবৰ বাবেই এইদৰেই জামুগুৰিহাটৰ কাঠবাৰীৰ মুল কেন্দ্ৰস্থলত বামুণবাৰী গাঁৱৰ যুৱক ভাৰত নাথে আৰম্ভ কৰিছে চেলুনৰ ব্যৱসায়৷গাঁৱৰে এজন যুৱকক প্ৰশিক্ষণ দি লগত লৈ প্ৰায়সংখ্যক অসমীয়া যুৱকে ইচ্ছা নকৰা এই কৰ্ম কৰিবলৈ আগবাঢ়ি আহিছে এইগৰাকী যুৱক৷সুন্দৰকৈ সজাই পৰাই তোলা চেলুনখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে৷আনকি উচ্চ শিক্ষা লাভ কৰাৰ পিছতো চাকৰিৰ তাড়নাত নাথাকি কৰ্মসংস্কৃতিৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ চিন্তা কৰা ভাৰতৰ এই কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভাৰতে বাছি লোৱা এই কৰ্ম আনসকলৰ বাবে এক আদৰ্শ হঁওক বুলিও ব্যক্ত কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে৷ মনকৰিবলগীয়া যে বৰ্তমান সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উপ সভাপতিৰ দায়িত্বতো আছে ভাৰত নাথ।চেলুন খুলি ব্যৱসায় আৰম্ভ কৰা দৰেই আন আন কামবোৰতো ৰাজ্যখনৰ থলুৱা লোকসকলৰ প্ৰভুত্ব বিস্তাৰ হোৱাতো বিচাৰে ভাৰতে৷যাৰ জৰিয়তে নিবনুৱা সমস্যা হ্ৰাস পাব আৰু নিজেও স্বাৱলম্বী হ’ব পাৰিব বুলি বিশ্বাসী উদ্যমী যুৱক ভাৰত নাথ৷ ছাত্ৰ সংগঠণৰ বিষয়ববীয়াৰ দায়িত্বত থাকিও সমান্তৰালভাৱে আন আন যুৱকসকলকো লাজ শংকা ত্যাগ কৰি সকলো সৰু সৰু কামত আত্মনিয়োগ কৰিবৰ বাবে উপদেশৰ পৰিৱৰ্তে আৰ্হি হিচাপে নিজেই কৰ্মৰ জৰিয়তে দেখুৱাই দিবলৈ সক্ষম হোৱা ভাৰত সকলোৰে বাবে আদৰ্শ হোৱাৰ কামনা কৰিছে বিভিন্ন জনে। মনকৰিবলগীয়া যে, বহি:ৰাজ্যত থকা হাজাৰ হাজাৰ যুৱক উভতি আহিছে নিজ গৃহলৈ৷ ভৱিষ্যত দিনবোৰত পৰিয়ালটোক কিদৰে পোহপাল দিব সেই কথা চিন্তা কৰি কোনো কোনো লোক হীনমন্যতাতো ভোগা পৰিলক্ষিত হৈছে৷ঠিক তেনে সময়তে ভাৰত নাথৰ দৰে যুৱক তথা ছাত্ৰ নেতাৰ ইতিবাচক চিন্তা আন দহজনৰ বাবে হ’ব পাৰে প্ৰেৰণাৰ উৎস।

Leave A Reply