Breaking

লাহোৱালত ব্যতিক্ৰমী চিন্তাৰে কৃষি বিপ্লৱৰ সূচনা কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে ফুলামপুৰৰ প্ৰবোধ গগৈয়ে…

0 50

লাহোৱালত ব্যতিক্ৰমী চিন্তাৰে কৃষি বিপ্লৱৰ সূচনা কৰি
স্বাৱলম্বিতাৰ নিৰ্দশন দাঙি ধৰিছে ফুলামপুৰৰ প্ৰবোধ গগৈয়ে
ৰেড লেডী অমিতা আৰু আপেল বগৰী খেতিৰে বছৰি উপাৰ্জন কৰে ১০লক্ষাধিক টকা

যি সময়ত একাংশ শিক্ষিত নিবনুৱাই চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰিছে নতুবা এটা চাকৰিৰ আশাত ক্ষণ গণি গণি যুৱকৰ পৰা পৌড়ত্ব জীৱনলৈ সময় অতিবাহিত কৰিছে তেনে সময়তে ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ ফুলামপুৰ গাঁৱৰ প্ৰবোধ গগৈয়ে কৃষি বিভাগৰ পৰা কোনোধৰণৰ সহায় নোলোৱাকৈয়ে প্ৰায় ৪০বিঘা মাটিত ৰেড লেডী 786 অমিতা আৰু আপেল বগৰীৰ ওপৰিও ৰঙালাউ ,বেঙেনা,মূলা ,লাই আৰু থাই অলটাইম আম খেতিৰে স্বাৱলম্বী হৈ পৰিছে ৷ভিন্ন খেতিসমূহৰ ভিতৰত ব্যতিক্ৰমী চিন্তাৰে কৃষক প্ৰবোধ গগৈয়ে কৰা দুটা অন্যতম খেতি হ’ল অমিতা আৰু বগৰী ৷

প্ৰবোধ গগৈয়ে ৰেড লেডী 786নামৰ উন্নত প্ৰজাতিৰ অমিতা বিক্ৰী কৰি বছৰি ৩ লাখ ৭০হাজাৰ টকা আৰু আপেল বগৰী বিক্ৰী কৰি বাৰ্ষিক ৬ লাখ ৫০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি কৃষক জনে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷ইয়াৰোপৰি বিবিধ শাক পাচলি বিক্ৰী কৰিও বাৰ্ষিক ৫০হাজাৰকৈ টকা উপাৰ্জন কৰিছে ৷ সম্প্ৰতি অমিতা আৰু বগৰী খেতিৰে প্ৰবোধ গগৈয়ে নিজেই স্বাৱলম্বী হৈ পৰাৰ ওপৰিও আন ৮জনকৈ শ্ৰমিককো কৃষি কৰ্মত সহায়ক হিচাপে নিয়োজিত কৰি কৰ্মসংস্থাপনৰ বাট মুকলাই দিয়া পৰিলক্ষিত হৈছে ৷

উল্লেখযোগ্য যে প্ৰবোধ গগৈয়ে অমিতা আৰু বগৰীৰ পিছতে থাই অলটাইম নামৰ উন্নত প্ৰজাতিৰ আম খেতিৰেও এক সুকীয়া কৃষকৰ নিৰ্দশন ধৰিছে কিয়নো থাই অলটাইম নামৰ উন্নত প্ৰজাতিৰ আম খেতি বিশেষকৈ কলকাতা আৰু পশ্চিম বংগৰ দৰে ৰাজ্যৰ খেতিয়কেহে কৰা দেখা যায় কাৰণ ব্যয়বহুল এটা আম খেতি অসমৰ অতি নগণ্য সংখ্যক কৃষকেহে কৰা পৰিলক্ষিত হয় ৷ কৃষি বিভাগৰ পৰা কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে প্ৰবোধ গগৈয়ে ব্যয়বহুল আম খেতি কৰি যি এক কৃষি বিপ্লব সূচনা কৰিছে এইক্ষেত্ৰত জিলা কৃষি বিভাগৰ বিষয়া সকলে প্ৰবোধ গগৈৰ দৰে আৰ্দশ খেতিয়কৰ ওচৰলৈ গৈ কৃষি বিভাগৰ পৰা সহায় সহযোগিতা কৰাটো দূৰৈৰ কথা নিয়মীয়া দিহা পৰামৰ্শখিনি আগবঢ়োৱাৰ ক্ষেত্ৰতো হেমাহি কৰি অহা বুলি অভিযোগ উঠিছে ৷

Leave A Reply