Breaking

ক’ভিডক জয় কৰা ৰোগীলৈ কেন্দ্ৰৰ নতুন নিৰ্দেশনা : যোগ কৰক, চাবনপ্ৰাছ খাওক

0 1,331

দৈনন্দিন বাৰ্তা ডেস্ক : দেশত ক’ভিড সংক্ৰমণ নিতৌ বৃদ্ধি পাই আছে ৷ আক্ৰান্তৰ তালিকাত বিশ্বৰ দ্বিতীয় স্থান দখল কৰিছে ভাৰতে ৷ ভাৰতৰ আগত আছে আমেৰিকা ৷ অৱশ্যে ভাৰতত সুস্থতাৰ হাৰ ভাল ৷ ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ বাবে দেওবাৰে এক নতুন নিৰ্দেশিকা প্ৰকাশ কৰিলে কেন্দ্ৰই ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ক’ভিডৰ পৰা সুস্থ হৈ উঠিলেও ৰোগীয়ে বহু সময়ত ক্লান্তি বোধ কৰে ৷ কাঁহ, দিঙিৰ কষ্ট, শৰীৰৰ যন্ত্রণা, শ্বাসকষ্ট আদি হ’ব পাৰে ৷ সেয়ে ৰোগী সতৰ্ক থাকিব লাগিব ৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব৷ যিসকলৰ ক’ভিড উপসৰ্গ যথেষ্ট আছিল বা যাৰ আগৰে পৰাই আন কোনো শাৰীৰিক সমস্যা আছিল, তেওঁলোকৰ ভাল হ’বলৈ বেছি সময় লাগে ৷ নতুন নিৰ্দেশিকাত স্বাস্থ্য মন্ত্ৰালয়ে এনে ৰোগীক নিয়মীয়াকৈ যোগ কৰিবলৈ কৈছে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ বাবে চাবনপ্ৰাছ খাবলৈ কৈছে৷ শৰীৰত অক্সিজেনৰ মাত্ৰা সঠিক আছে নে নাই বা বুকুত কষ্ট হৈছে নেকি তাত মন দিব লাগিব ৷ অসুবিধা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব ৷ স্বাস্থ্য মন্ত্ৰালয়ে লগতে জনাইছে, ক’ভিডৰ পৰা আৰোগ্য হ’লেও নিয়মিত মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব ৷ দূৰত্ব বিধি মানি চলিব লাগিব৷ প্ৰতিদিনে বহু পৰিমাণৰ পানী খাব লাগিব ৷ সুস্থ হৈ উঠা ৰোগীয়ে আন এটা দায়িত্ব পালন কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ে অনুৰোধ কৰিছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে তেওঁলোকে নিজৰ অভিজ্ঞতা ছচিয়েল ছাইটত বাকীসকলৰ লগত ভাগ কৰে যেন ৷ ধৰ্মীয় বা সম্প্ৰদায়ৰ নেতাৰ সৈতেও ভাগ কৰিব পাৰে ৷ এনে কৰিলে সমাজত সচেতনতাৰ সৃষ্টি হয় ৷ লগতে ক’ভিডক লৈ ভুল ধাৰণা ভাঙিব ৷ ক’ভিড পৰৱৰ্তী পুনৰ্বাসনৰ বাবে ৰোগীসকল নাগৰিক সংগঠন, স্বেচ্ছাসেৱী সংগঠন বা আত্মনিৰ্ভৰশীল গোষ্ঠীৰ সহায় ল’ব পাৰে বুলি স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে ৷

Leave A Reply