Breaking

কাইৰোৰ হেল’ৱান ইউনিভাৰ্চিটিৰ চিত্ৰশিল্প কৰ্মশালা- প্ৰদৰ্শনীত প্ৰদীপ নাথ

0 51

ইজিপ্তৰ ৰাজধানী চহৰ কাইৰোৰ হেল’ৱান ইউনিভাৰ্চিটিৰ ডিপার্টমেন্ট অব আৰ্ট এডুকেশন আৰু ভাৰতীয় দূতাবাসৰ অধীনস্থ ইণ্ডিয়ান কালচাৰেল চেন্টাৰৰ যুটীয়া উদ্যোগত ভাৰতীয় চিত্ৰশিল্পীৰ এক চিত্ৰ কৰ্ম কৰ্মশালা হেল’ৱান ইউনিভাৰ্চিটি চৌহদত যোৱা ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়।


এই কৰ্মশালাত অসমৰ চিত্ৰশিল্পী প্ৰদীপ নাথৰ লগতে মহাৰাষ্ট্ৰৰ প্ৰকাশ যোশী, তেলেংগানাৰ বিজয় কুমাৰ উপাধ্যায়, ঝাৰখণ্ডৰ পৱন ৰায়, পশ্চিম বংগৰ সুপৰ্ণা নাথ, মিন্টু ডেকা , হেমচন্দ্র পাঠক আদিয়ে অংশগ্ৰহণ কৰে। শিল্পী সকলে ছবি আকি কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সময়ত বিশ্ব বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে তেওলোকৰ সৈতে মত বিনিময় কৰে! ছাত্ৰ-ছাত্ৰী সকলে চিত্ৰ শিল্পৰ বিভিন্ন মটিফ, ফৰ্ম, ৰঙৰ ব্যৱহাৰ আদি সন্দৰ্ভত কৰ্মশালাত অংশগ্ৰহণ কৰা চিত্ৰশিল্পী সকলৰ সৈতে কথা পাতে লগতে শিল্প কৰ্ম সমূহ পৰিদৰ্শন কৰে।

কৰ্মশালাৰ শেষত বিশ্ববিদ্যালয়খনৰ কলা বিথিকাত দু দিনীয়াকৈ কৰ্মশালাৰ শিল্প কৃতি সমূহৰ এক প্ৰদৰ্শনীও অনুষ্ঠিত হয়। এই প্ৰদৰ্শনীখন যুটীয়া ভাৱে উন্মোচন কৰে ক্ৰমে হেল’ৱান বিশ্ববিদ্যালয়ৰ ডিপাৰ্মেন্ট অৱ আৰ্ট এডুকেচনৰ ডীন ড:মহম্মদ হামিদ আৰু ইণ্ডিয়ান কালচাৰেল চেন্টাৰৰ সঞ্চালক ডি এছ মিনাই। ইয়াৰ পাছত দুয়ো গৰাকীয়ে চিত্ৰ শিল্পী সকলকে মত বিনিময় কৰে।

Leave A Reply