Breaking

মোৰাঝাৰৰ পূৱ বান্দৰমেলাত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা ‘হৰ খেতি কো পানী’ , পৰ্যায়- ১ আঁচনিখনৰ শুভ উদ্ধোধন কৰে- যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে

0 36

মোৰাঝাৰৰ পূৱ বান্দৰমেলাত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা ‘হৰ খেতি কো পানী’ , পৰ্যায়- ১ আঁচনিখনৰ শুভ উদ্ধোধন কৰে- যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে ৷

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ উদ্যোগত কৃষক ৰাইজক পানী যোগান দিয়াৰ বাবে জলসিঞ্চন বিভাগৰ অধীনত যমুনামুখ সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰৰ পূৱ বান্দৰমেলাত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা ‘হৰ খেতি কো পানী’ , পৰ্যায়- ১ আঁচনিখনৰ শুভ উদ্ধোধন কৰি কৃষক ৰাইজৰ কাৰণে উচৰ্গা কৰা হয় ৷

এই উপলক্ষে বান্দৰমেলাত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ৷ সভাত মুখ্য অতিথি হিচাপে যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলে ফিতা কাটি আঁচনিখন মুকলি কৰে ৷

মুকলি কৰি বিধায়ক ছিৰাজুদ্দিন আজমলে কয়- প্ৰধানমন্ত্ৰী জলজীৱন আঁচনিৰ যোগেদি কৃষক ৰাইজ বহু পৰিমানে উপকৃত হব পাৰিব ৷চৰকাৰৰ এই আঁচনিৰ জৰিয়তে কৃষক ৰাইজ উপকৃত হব আৰু অনাগত সময়ত কৃষক ৰাইজক পানী যোগান ধৰাৰ উদ্দেশ্যে এনেদৰে ৫০ টা মেচিন খেতিয় ৰাইজৰ কাৰণে উচৰ্গা কৰা হব আৰু ৰাইজ নিশ্চিত বাবে উপকৃত হব বুলি বিধায়ক ছিৰাজুদ্দিন আজমলে মন্তব্য কৰে ৷

যমুনামুখ বিধানসভা সমষ্টিত ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা – হৰ খেতি কো পানী ,পৰ্যায় – ১ আচনিখনৰ শুভ উদ্ধোধনী অনুষ্ঠানত যমুনামুখৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ লগতে হোজাই জলসিঞ্চন চক্ৰৰ অধীক্ষক অভিযন্তা – জ্যোতি প্ৰসাদ খাটনিয়াৰ , যমুনামুখ, হোজাই , লামডিংৰ জলসিঞ্চন কাৰ্যবাহী অভিযন্তা উজ্জল বৰগোহাই , যমুনামুখ উপ সংমণ্ডল জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অমৰেন্দ্ৰ তালুকদাৰ , হোজাইৰ সহকাৰী অভিযন্তা ৰমেশ ঠাকুৰ , যমুনামুখৰ বিধায়কৰ নমিনী তথা সমাজ কৰ্মী আনোৱাৰ হুছেইন , বিধায়কৰ ৰাজনৈতিক সচিব আকবৰ আলী , এআইইউডিএফৰ জিলা সভাপতি হেলাল উদ্দিন আৰু জলসিঞ্চন বিভাগৰ নীলবাগান কাৰ্যালয়ৰ শাখা সহায়ক তমিজুৰ ৰহমান লস্কৰ আৰু ভগিৰত হাজৰিকাসহ অন্যান্য সকল উপস্থিত থাকে ৷

সভাত বিধায়ক ছিৰাজুদ্দিন আজমলক জলসিঞ্চন বিভাগে বিপুল বাবে সম্বৰ্ধনা জনায় ৷ উক্ত সভাত স্থানীয় চৰকাৰী গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে কেবা শতাধিক ৰাইজ উপস্থিত থাকি বিধায়ক ছিৰাজুদ্দিন আজমলৰ লগতে জলসিঞ্চন বিভাগৰ বিষয়ববীয়াক ধন্যবাদ জনায় ৷

Leave A Reply