Breaking

পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণৰ অধ্যক্ষ পদত অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ চৌধুৰী ।

0 875

দৈনন্দিন বাৰ্তাৰ ডিজিটেল ডেস্ক:

কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এক নিৰ্দেশনা যোগে ৰাজ্যিক পৰ্যায়ৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণ প্ৰাধিকৰণ, অসমৰ এখন  কমিটি পুনৰ গঠন কৰি দিছে৷ ১৯৮৬ চনৰ পৰিৱেশ সংৰক্ষণ আইন অনুযায়ী গঠন কৰা এই কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছে গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা প্ৰদ্যুৎ কুমাৰ চৌধুৰীক৷ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা চৌধুৰীয়ে অধ্যক্ষতাৰ এই কমিটিখনত সদস্য হিচাপে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড° হৰি প্ৰসাদ শৰ্মা আৰু ৰাজ্যিক বন বিভাগৰ সচিব৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত উল্লেখ থকা মতে এই কমিটিখনৰ কাৰ্যকাল হৈছে ৩ বছৰ৷ আনহাতে এই কমিটিখনক সহযোগ কৰিবৰ বাবে ৯ জনীয়া সদস্যৰে গঠিত এখন ৰাজ্যস্তৰীয় বিশেষজ্ঞ মূল্যাংকন কমিটিও গঠন কৰা হৈছে৷ এই কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে অৱসৰপ্ৰাপ্ত ভাৰতীয় বন বিষয়া স্বপন কুমাৰ শীল শৰ্মাক৷ মূলতঃ ৰাজ্যখনৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ যাতে প্ৰয়োজনীয় আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰ বাবে এই বিশেষ প্ৰাধিকৰণ গঠন কৰা হৈছে৷ প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সদস্যসকলে চৰকাৰী নিয়ম অনুযায়ী পৰিৱেশ সংৰক্ষণ তথা পাৰিপাৰ্শ্বিক প্ৰভাৱ নিৰ্ধাৰণৰ হকে কাম কৰি যোৱাৰ কথাও কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাটোত উল্লেখ আছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাত অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ধন্যবাদ জ্ঞাপন কৰিছে আৰু নৱ গঠিত কমিটিখনক অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply