Breaking

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটত প্ৰাগ নিউজ, প্ৰতিদিনৰ জয়

0 47

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয় দিনা ২৪ মাৰ্চ, শুকুৰবাৰে প্ৰাগ নিউজ আৰু অসমীয়া প্ৰতিদিন গ্ৰুপে জয়লাভ কৰি সম্পূৰ্ণ প‌ইণ্ট অৰ্জন কৰে।

গুৱাহাটীৰ জজ ফিল্ডত পুৱা বেয়া বতৰ আৰু আউটফিল্ড সেমেকা হৈ থকাৰ বাবে ১০ অভাৰলৈ মেচ হ্ৰাস কৰা হয়। অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়াই উদ্ধোধন কৰা মেচখনত প্ৰাগ নিউজে এন বি নিউজক ৯ উইকেটত পৰাস্ত কৰে।

এন বি নিউজে ১০ অভাৰত ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৮৩ ৰাণ। সতীৰ্থৰ ব্যৰ্থতাৰ মাজতে বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৩৫ টা বলত ৬৭ ৰাণত অপৰাজিত হৈ ৰয় নৱজিৎ তালুকদাৰ।

বলিঙত অমিত দাসে ৪ ৰাণ ব্যয় কৰি ২ টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত প্ৰাগ নিউজে মৃগাংকৰ ৪৬ আৰু অমিত দাসৰ ৩৫ ৰাণৰ সুবাদত ৬.৫ অভাৰত ১ উইকেটত ৮৫ ৰাণ কৰি বিজয়ী হয়। চাৰিটা বাউণ্ডেৰী আৰু ৭ টা বিশাল ছিক্সাৰ কোবোৱা এন বি নিউজৰ নৱজ্যোতি তালুকদাৰক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক নয়নপ্ৰতিম কুমাৰে।


দিনটোৰ দ্বিতীয় মেচত ডিফেণ্ডিং চেম্পিয়ন অসমীয়া প্ৰতিদিন গ্ৰুপে ৯৪ ৰাণত পৰাস্ত কৰে এন কে টিভি দলক। মেচখন উদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী দুলু আহমেদে। প্ৰতিদিনে নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটত সংগ্ৰহ কৰে ১৭৬ ৰাণ। দলৰ তৌহিদ আলী তালুকদাৰে ২০ টা বলত ৪৪, ৱাছিম আহমেদে ৪০ আৰু জগজিৎ সিঙে ৩২ ৰাণ কৰে।

বলিঙত জিতুমণি বৈশ্য‌ই ৪ টা আৰু অধিনায়ক বিনয় কলিতাই ২ টা উইকেট লাভ কৰে। ইয়াৰ বিপৰীতে তৌহিদৰ বিধ্বংসী স্পেলত এন কে টিভিয়ে ১৪.১ অভাৰত ৮২ ৰাণতে ইনিংছ সামৰে। দলৰ ৰাহুল আমিনে ২১, প্ৰণৱজ্যোতি দাসে ১৬, লক্ষ্য গোহাঁয়ে ১৩ ৰাণৰ বৰঙণি যোগায়।

বিজয়ী দলৰ হৈ ৪৪ ৰাণ আৰু ২৫ ৰাণৰ বিনিময়ত হেটট্ৰিকসহ ৭ টা উইকেট দখল কৰা তৌহিদ আলী তালুকদাৰক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰা হয়।


উল্লেখ্য যে ২৫ মাৰ্চৰ পুৱা ৯ বজাত, শ্বিলং প্ৰেছ ক্লাবে প্ৰাগ নিউজৰ বিৰুদ্ধে আৰু দিনৰ ১২ বজাত ডিফু প্ৰেছ ক্লাবে দূৰদৰ্শন, অসমৰ বিপক্ষে খেলিব।

Leave A Reply