Breaking

পলাশবাৰীৰ ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। মহাৰজত জয়ন্তী উপলক্ষে ব্যতিক্ৰমী কাৰ্যসূচী।

0 257

দক্ষিণ কামৰূপৰ ঐতিহ্যৰে গৰকা পলাশবাৰী ৰাস মহোৎসৱ বিগত বছৰ বোৰৰ দৰে এইবেলিও ৭৬ তম্ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলা অহা ৮ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ মহাৰজত জয়ন্তী শুভাৰম্ভৰে এঘাৰদিনীয়াকৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে পলাশবাৰী ৰাইজে উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে।

এই উপলক্ষে আজি পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰ কাৰ্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি ৰাস মহোৎসৱ সমিতিৰ সভাপতি মণিময় কৰ আৰু যুটীয়া সাধাৰণ সম্পাদক পংকজ দাস, অৰূপ দাসে এইবেলি মহাৰজত জয়ন্তী উপলক্ষে বিভিন্ন ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰিছে বুলি উল্লেখ কৰে। প্ৰায় ৫০ লক্ষধিক টকা ব্যয় সাপক্ষে আয়োজন কৰা ৰাস মহোৎসৱত প্ৰতিদিনে লক্ষধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ’ব। ৰাস মহোৎসৱত প্ৰায় ৪৫ টা ষ্টল মৃণন্ময় মুৰ্তিৰে আটক ধুনীয়াকৈ সাজ সজ্জাৰে সজাই পৰাই তোলাৰ লগতে ১৯ টা ষ্টল বৈদ্যুতিন হ’ব বুলি কয়। লগতে মহাৰজত জয়ন্তী উপলক্ষে পলাশবাৰীৰ ৰাস মহোৎসৱৰ আৰম্ভণীৰে পৰা জড়িত লোক তথা প্ৰয়াত পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱাৰ লগতে ৭৫ খন পতাকা উত্তোলন কৰিব বুলি সংবাদ মেলত উল্লেখ কৰে।

সংবাদ মেলৰ পূৰ্বে পলাশবাৰী ৰাস মহোৎসৱৰ নিমন্ত্ৰণী পত্ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাংবাদিক বলেন কলিতা আৰু হিতেন মালীয়ে। ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ৮ নৱেম্বৰৰ ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলন কৰিব ৰাস মহোৎসৱ সমিতিৰ সভাপতি মণিময় কৰে, বন্তি প্ৰজ্বলন কৰিব কাৰ্যকৰী সভাপতি লক্ষ্মী কাকতিয়ে, স্মৃতি তৰ্পন কৰিব যুটীয়া সাধাৰণ সম্পাদকদ্বয় পংকজ দাস আৰু অৰূপ দাসে। আবেলি ২ বজাত পূজা অৰ্চনা। সন্ধিয়া ৬ বজাত সাতোপাৰা শ্ৰীশ্ৰী বাসন্তী দেৱীৰ মন্দিৰ প্ৰাংগনৰ পৰা ৰাস মহোৎসৱস্থলীলৈ ভাগৱতসহ ৰাস মহোৎসৱৰ উদ্বোধকক লৈ শোভাযাত্ৰা। ৬.০০ বজাত ৰাস মহোৎসৱ উদ্বোধন কৰিব অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে। ৬.৩০ বজাত ভাগৱত প্ৰতিষ্ঠাৰ পিছতে বন্তি প্ৰজ্বলন কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ইয়াৰ পিছতে উদ্বোধনী সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, কামৰূপ জিলাৰ উপায়ুক্ত কিৰ্তী জল্লী, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি পাঠক, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ অনিল দাস, বিশিষ্ট সমাজকৰ্মী অনুপ মেধী উপস্থিত থাকিব। উক্ত সভাত পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীণা দাস কলিতাও উপস্থিত থাকিব। ইয়াৰ পিছতে বিশিষ্ট অভিনেতা ভৱানী কলিতাক শিল্পী সম্বৰ্ধনা জনোৱা হব। ৯ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা সতীৰ্থ সন্মিলন আৰু দিহা নাম প্ৰতিযোগিতাৰ পিছতে মঞ্চ উদ্বোধন কৰিব প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতাই।

prea

১০ নৱেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা শিশু কৃষ্ণ, ৰাধাকৃষ্ণ যুগলৰূপ প্ৰতিযোগিতা আৰু শ্ৰীকৃষ্ণৰ ভক্তিমূলক গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতা। ১১ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ড০ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। ১২ আৰু ১৩ নৱেম্বৰৰ সন্ধিয়াৰে পৰা সাংস্কৃতিক অনুষ্ঠান। ১৪ নৱেম্বৰৰ সন্ধিয়া ৬ বজাত ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব। সভাত মুখ্য বক্তা হিচাপে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী আৰু আলোচক হিচাপে ইস্কন নামহত্তৰ সঞ্চালক কৰুণাময় চৈতন্য দাস উপস্থিত থাকিব। মঞ্চ উদ্বোধন কৰিব অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বন্তি প্ৰজ্বলন কৰিব উত্তৰ পূৱ-ছাত্ৰী সংগঠনৰ সভানেত্ৰী মুনমী দত্তই। ১৫ নৱেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা লোক সংস্কৃতি উৎসৱৰ লগতে স্থানীয় শিল্পীৰ ভিন্ন ৰঙীন অনুষ্ঠান। ১৬ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়াৰ লগতে যাত্ৰাভিনয়। ১৭ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান। ১৮ নৱেম্বৰ তথা অন্তিম দিনা সন্ধিয়া ৬ বজাত সামৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান। সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুজ হাজৰিকা, বিশিষ্ট অতিথি হিচাপে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, বিশিষ্ট সমাজকৰ্মী ফণী শৰ্মা, হিমাংশু শেখৰ বৈশ্য, প্ৰশান্ত মহন্ত উপস্থিত থাকিব। উক্ত সভাত বিশিষ্ট সমাজকৰ্মী তপন দাস, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাসক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব। ইতিমধ্যে ৰাস মহোৎসৱ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে মণিময় কৰক সভাপতি, লক্ষ্মী কাকতিক কাৰ্যকৰী সভাপতি, তপন দাস, শচীন কাকতি, জীতেন কলিতাক উপ-সভাপতিত্ৰয়, পংকজ দাস আৰু অৰূপ দাসক যুটীয়া সাধাৰণ সম্পাদক হিচাবে লৈ এখন কাৰ্যকৰী সমিতি আৰু কেইবাখনো উপ-সমিতি গঠন কৰিছে। ৰাস মহোৎসৱৰ সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।

Leave A Reply