Breaking

বিদ্যালয় সমুহৰ সন্মুখতে মাজবাটৰ বাপুজী প্ৰাংগনত প্ৰস্তুতি চলিছে মিনাবজাৰ,আনন্দবজাৰ মেলাৰ ।

0 2,022

 দেশজুৰি কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ পিছত আগন্তুক দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই  তথা বিদ্যালয় সমুহৰ মিনাবজাৰ,আনন্দ বজাৰ  পাতি এক ভয়াবহ পৰিস্হিতি উদ্ভৱ কৰাৰ চেষ্টা কৰিছে মাজবাটৰ একাংশই । যাক লৈ চিন্তিত হৈছে সমগ্ৰ মাজবাট অঞ্চলৰ সচেতন মহলক । উল্লেখযোগ্য যে যিসময়ত চৰকাৰে ৰাজ্যৰ সকলো দুৰ্গা পূজা কমিটিক নীতি নিৰ্দেশনা বান্ধি দিয়াৰ সময়ত মাজবাটৰ উক্ত স্থানত  মিনা বজাৰ,আনন্দ মেলা পাতিবলৈ লোৱা ঘটনাটোৱে সচেতন মহলৰ চকু কপালত তুলিছে । লগতে মাজবাট আৰক্ষীৰ নীৰৱ ভূমিকাক লৈ চিন্তিত হৈছে সচেতন মহল । উল্লেখযোগ্য যে যিখন স্থানত উক্ত মিনাবজাৰ পাতিবলৈ দ্ৰুত গতিত কাম চলি আছে তাৰে ১০০ মিটাৰৰ ভিতৰত চাৰিখনকৈ বিদ্যালয় অৱস্থিত আছে । আৰু ইয়াৰে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰ তাৰিখতো পাঠ দান চলি আছে । দৈনিক ছাত্ৰ ছাত্ৰীয়ে পাঠ দান কৰি থকা অৱস্থাত এইধৰণৰ প্ৰস্তুতিয়ে মাজবাটৰ সচেতন মহলক লজ্জিত কৰিছে । আৰু এই কৰোণা কালত মিনাবজাৰ পাতি  মানুহৰ জীৱনৰ প্ৰতি খেলা কৰা সকলক ওদালগুৰি জিলা আৰু মাজবাট প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হৈ পৰিছে । আনহাতে  এই মিনা বজাৰৰ মুকলি ভাবেই  জুৱা আদি  চলাৰ আকাঙক্ষা  প্ৰকাশ  কৰিছে মাজবাট  সচেতন  নাগৰিক সকলে ৷

Leave A Reply