Breaking

সৰুপথাৰত সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি

0 1,541

গোলাঘাট জিলাৰ সৰুপথাৰত ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰ ৰাজহুৱা খেলপথাৰত চলিছে সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি । সম্পুৰ্ণ কভিদ নীতি নিয়মৰ মাজেৰে পালন কৰা হব এইবাৰৰ স্বাধীনতা দিৱস। ইতিমধ্যেপেৰেডৰ আখৰাকে ধৰি খেলপথাৰখন সজাই পৰাই তুলাৰ কাম চলি আছে ।ক’ৰনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ স্বাধীনতা দিৱস সীমিত সংখ্যক অনুষ্ঠানৰ মাজেৰেই অনুষ্টুপীয়াকৈ পালন কৰা হব বুলি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়ে । 15 আগষ্টৰ পেৰেদ সমাৰোহৰ দিনা মহকুমা আৰক্ষী বিভাগ, চি আৰ পি এফ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেইবাটাও সীমিত সংখ্যক দলে অংশ গ্ৰহণ কৰিব । ইফালে দিনে নিশাই সস্তম হৈ পৰিছে ধনশিৰি মহকুমাৰ আৰক্ষী প্ৰশাসন । মহকুমাটোৰ বৰপথাৰ, গেলাবিল, সৰুপথাৰ, উৰিয়ামঘাট, নাওজান, চুঙাজান, আদি সকলো ঠাইতে আৰক্ষীৰ কটকটীয়া তালাচী অভিযান অব্যাহত আছে । কোনো দুস্কৃতিকাৰীয়ে যাতে কুটাঘাটমুলক কায্যত লিপ্ত হব নোৱাৰে তাৰ বাবেই আৰক্ষী প্ৰশাসন আৰু অসামৰিক বাহিনী দিনে নিশাই সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে ।

Leave A Reply