Breaking

বৰপেটাতত স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি : ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন চিত্ৰাংকন, ৰচনা আৰু গীত প্ৰতিযোগিতাৰ আয়োজন

0 444

দেশৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাতো ৭৫ সংখ্যক স্বাধীনতা দিৱস উৎসাহ-উদ্বীপনাৰে উদযাপনৰ বাবে বৰপেটা জিলা প্ৰশাসনে ব্যাপক কাৰ্যসূচী হাতত লৈছে। কালি সন্ধিয়া জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত এখন পৰ্যালোচনা সভাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত চূড়ান্ত ৰূপ দিয়া হয়।  সেই অনুসৰি ১৫ আগষ্টৰ দিনা পুৱা ৬ বজাত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে দেশপ্ৰেমমূলক গীত মাত প্ৰচাৰৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। পুৱা ৭.৩০ বজাৰ পৰা ৮ বজাৰ ভিতৰত সকলো চৰকাৰী কাৰ্যালয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ’ব।  তাৰপিছতে বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত বিশিষ্ট অতিথিয়ে পতাকা উত্তোলন কৰিব। ইয়াতে তেওঁ বিভিন্ন আৰক্ষী, অৰ্দ্ধসৈনিক বাহিনী, এনচিচি, স্কাউট আদিৰে পৰিবেশিত আকৰ্ষণীয় কুচকাৱাজৰো অভিবাদন গ্ৰহণ কৰিব।  সন্ধিয়া সকলো চৰকাৰী কাৰ্যালয় আৰু ভৱনত বন্তি প্ৰজ্বলন কৰা হ’ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, এইবেলি স্বাধীনতা দিৱস উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অন লাইনযোগে ৰচনা আৰু ছবি অকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ৰচনাৰ বিষয় হৈছে ‘কৰোনা মহামাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য”। ছবি অকাৰ বিষয় – স্বাধীনতা সংগ্ৰাম। ছবি অকা প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকেতিনিটা শাখাত আৰু ৰচনা প্ৰতিযোগিতা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দুটা শাখাত অনুষ্ঠিত কৰা হৈছে।  একেদৰে সাংস্কৃতিক বিভাগৰ জৰিয়তে পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত দেশপ্ৰেমমূলক গীতৰো অনলাইন যোগে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। যোগদানৰ অন্তিম তাৰিখ হৈছে ১২ আগষ্ট। প্ৰথম পুৰস্কাৰ বিজেতা সকলক মূল পেৰেড অনুষ্ঠানতে মুখ্য অতিথিৰ দ্বাৰা বঁটা প্ৰদান কৰা হ’ব আৰু বাকী সকলক নিজ নিজ বিদ্যালয়তে পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।  ইয়াৰ উপৰিও যোৱা বছৰটোত আগবঢ়োৱা কৃতিত্বপূৰ্ণ সেৱাৰ বাবে  দুজনকৈ স্বাস্থ্য কৰ্মী, প্ৰগতিশীল কৃষক, পশুপালক, মৎস্য পালক আদিকো মূল কেন্দ্ৰীয় অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবেলি ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালিৰ প্ৰতিযোগিতা আৰু প্ৰীতি খেল আদি অনুষ্ঠিত নহ’ব বুলি জনসংযোগ বিষয়া গৰাকীয়ে জনাইছে। তেওঁ জনোৱা মতে, অনুষ্ঠান সম্পূৰ্ণ  কোভিড বিধি অনুসৰি কিছু সীমিত পৰিসৰত অনুষ্ঠিত কৰা হ’ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও  যোৱা ২৬ জুলাইৰ দিনা বৰপেটাৰ বিভিন্ন আগশাৰীৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ উপস্থিতিত স্বাধীনতা দিৱসৰ সম্পৰ্কত জিলা প্ৰশাসনৰ আলোচনা অনুষ্ঠিত হৈছিল।

Leave A Reply