Breaking

স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবসৰ প্ৰস্তুতি

0 202

তিনিচুকীয়া

তিনিচুকীয়া বৰগুৰিস্হিত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাঙ্গণত মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ নেতৃত্ববৃন্দৰ উপস্থিতিত সামাজিক দূৰত্ব মানি ঐতিহাসিক মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৮ সংখ্যক দিৱস প্ৰতিবছৰৰ দৰে এইবাৰো চলিত বৰ্ষৰ ২৪ মে’ত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত অনুষ্ঠিত হোৱা দিবস দেশ তথা বিশ্বৰ ক’ৰোনা মহামাৰী প্ৰতি লক্ষ্য ৰাখি ২০২০ বৰ্ষৰ দিৱস অনুষ্টুপীয়াকৈ পালন কৰাৰ বাবে সদৌ অসম মটক সন্মিলন, মটক ৰাজবংশ উন্নয়ন সমিতি, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, মটক মহিলা পৰিষদ, মটক ছাত্ৰ- সন্হাই সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাৰ সিদ্ধান্ত অনুসৰি তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ধেমাজী, শোণিতপুৰ আৰু বিশ্বনাথ জিলা সমিতি, আঞ্চলিক সমিতি আৰু নামঘৰ সমূহত বিশ্বৰ দুৰ্যোগৰ সময়ত অনুষ্টুপীয়াকৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস পালন কৰিবলৈ আহ্বান জনাই সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে ২৪ মে’ত স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ দিনা জনগোষ্ঠীয় প্ৰতি পৰিয়ালে নিজ নিজ গৃহত বন্তি প্ৰজ্বলনৰ আহ্বান জনায়৷ চৰকাৰী উদ্যোগত অনুষ্ঠিত হোৱা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবস খনি চৰকাৰীভাৱেও পালন কৰিবলৈ আহ্বান জনায় সংগঠনকেইটাই৷

Leave A Reply