Breaking

0 55
সৰভোগৰ ঐতিহ্যমণ্ডিত চক‌চকা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১২৫ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ প্ৰস্তুতি...

বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত “চকচকা চৰকাৰী মজলীয়া বিদ্যালয় ” খনিয়ে অহা ১ জুলাইত ১২৫ বছৰ সম্পূৰ্ণ কৰিব। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিদ্যাল়য় খনিৰ প্ৰঙ্গণত মাংগলিক কাৰ্য্য সমাপন কৰাৰ লগতে বিদ্যালয়খনিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী আৰু সুভাকাংশীৰ দ্বাৰা বিদ্যালয়ৰ ১২৫ খন পতাকা উত্তোলন কৰা হ’ব।

এই উদ্দেশ্যে যোৱা ৩১ জানুৱাৰীত বিদ্যাল়য়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এখনি বৰ্দ্ধিত উচ্চস্তৰীয় কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লোৱা হয় যে “চকচকা চৰকাৰী মজলীয়া বিদ্যালয়”ৰ ১২৫ বছৰীয়া জন্মজয়ন্তী অহা ৮,৯ আৰু ১০ নবেম্বৰ ২০২৩ তাৰিখে বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।উদযাপন সমিতি খনিত আছে সভাপতি কৰুণাকান্ত দাস, আহ্বায়ক দীপক শৰ্মা আৰু সন্মিলিত উপ-সমিতিত আছে সৰভোগ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু সম্পাদক তথা বিদ্যালয় খনিৰ প্ৰধান শিক্ষক খাইৰুল আলম। উদযাপন সমিতিয়ে লগতে জনাইছে যে যি সকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী বা শিক্ষক-শিক্ষয়িত্ৰীক ব্যক্তিগত ভাৱে লগ কৰিব পৰা নাই অথবা দূৰত থকা বাবে যোগাযোগ কৰিব পৰা নাই তেওঁলোককো অনুষ্ঠিত হ’ব লগীয়া জন্মজয়ন্তীত অংশ গ্ৰহণ কৰিবলৈ লগতে সৰ্বতো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াবলৈ উদযাপন সমিতিয়ে বিনম্র অনুৰোধ জনাইছে।

সৰভোগৰ পৰা এম হাছিম আলীৰ প্ৰতিবেদন



Leave A Reply