Breaking

যুদ্ধৰ প্ৰস্তুতি !

0 553

দৈনন্দিন বাৰ্তা প্ৰতিবেদন :

৪৫ বছৰৰ পাছত পুনৰ সংঘৰ্ষৰ ৰূপ ল’লে ভাৰত-চীন সমস্যাই৷ পৰিস্থিতি জটিল হৈ পৰিছে৷ ইতিমধ্যে ভাৰতীয় সেনাক লাডাখ সীমান্তত৷ পৰিস্থিতি বুজ লৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা দিলে কেন্দ্ৰই৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ৷ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈ গৈছে৷ চীন সীমান্তত মজুত কৰা হৈছে টেংক৷ আৰম্ভ হৈছে গুলীচালনা৷ প্ৰস্তুত থাকিবলৈ কোৱা হৈছে স্থল সেনাক৷ চিফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱাতক তিনিটা বাহিনীৰ সৈতে সামঞ্জস্য বজায় ৰাখি প্ৰয়োজনীয় নিৰ্দেশ দিবলৈ কোৱা হৈছে৷ সীমান্ত সমস্যা আলোচনাৰ মাধ্যমেৰে কৰিবলৈ চালেও চীনে সুযোগ নিদিয়াত ক্ষুদ্ধ নতুন দিল্লী৷ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিবলৈও কোৱা হৈছে৷ কেৱল স্থল সেনাই নহয় ভাৰতীয় নৌসেনাক মালাক্কা প্ৰণালীত তীক্ষ্ণ৷দৃষ্টি দিবলৈ নিৰ্দেশ দিয়া হৈছে৷ তদুপৰি জলপথত চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ ভাৰত–প্রশান্ত মহাসাগৰীয় এলেকাত প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ কোৱা হৈছে৷ যুদ্ধ বিমানবোৰ চীন সীমান্তত থকা বেছ কেম্পবোৰলৈ অনা হৈছে৷ আনহাতে মঙলবাৰে নিশা ১০ বজাত লাডাখৰ পৰিস্থিতি লৈ তিনিজন সেনা প্ৰধানসহ৷ চিফ অব দ্য ডিফেন্স ষ্টাফ, গৃহমন্ত্ৰী অমিত শ্বাহ,  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সৈতে বৈঠকত বহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ মঙলবাৰে লাডাখক লৈ নিৰাপত্তা বিষয়টোত কেবিনেট কমিটিৰ বৈঠক বহে৷ তাৰ পাছতে তৎকালীন এই সিদ্ধান্ত লয় বুলি ৰাজনৈতিক মহলে কয়৷ ইতিমধ্যে চীন সীমান্তত লাগি থকা সকলো ৰাজ্যত সতৰ্কতা জাৰি কৰা হৈছে৷ সাজু থাকিবলৈ কোৱা হৈছে জিলা প্ৰশাসকক৷ দেশৰ উত্তৰ আৰু উত্তৰ পূৱ প্ৰান্তত চীন সীমান্তত৷বৃদ্ধি পাই থকা উত্তেজনাত সতৰ্ক চোৰাংচোৱা বিভাগ৷ সেয়ে হিমাচল প্ৰদেশত একাধিক এলেকাত সতর্কতা জাৰি কৰা হৈছে৷ স্থানীয় বাসিন্দাৰ নিৰাপত্তাত জোৰ দিয়া হৈছে৷

Leave A Reply