Breaking

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অসম ভ্ৰমণ!

0 2,047

আজি তিনিদিনীয়া কাৰ্যসূচীলৈ অসমত উপস্থিত হ’ব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।আজিৰ দিনটোত বিভিন্ন কাৰ্য্যসূচীত ভাগ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে।ৰাষ্ট্ৰপতি গৰাকী আজি পুৱা ১১.৩০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’বহি।বিমান বন্দৰৰ পৰা উষ্ম আদৰণি জনোৱা হ’ব ৰাষ্ট্ৰপতি গৰাকীক।তাৰ পিছতে ১২.১০ মিনিটত কামাখ্যা মন্দিৰ দৰ্শনৰ কৰিব ৰামনাথ কোবিন্দে।আবেলি কলাক্ষেত্ৰত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।

আনহাতে শনিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।তাৰপিছতে বিয়লি ভাগত কাজিৰঙালৈ যাব ৰাষ্ট্ৰপতি গৰাকী।ৰাষ্ট্ৰপতি গৰাকীক আদৰিবলৈ এতিয়া সকলো তৎপৰ হৈ পৰিছে।

Leave A Reply