Breaking

কাকপথাৰত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা : প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন : ন্যায়ৰ দাবীত কাকপথাৰত সাংবাদিকৰ প্ৰতিবাদ

0 58

ডিৰাক সীমান্ত, ১৪ নৱেম্বৰ : ১১নবেম্বৰ তাৰিখে এক ৰহস্য জনক পথ দূৰ্ঘটনাত আহতহৈ পাছত মৃত্যুক আকোৱালি লোৱা কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ আজি তিনি দিন হৈ যায় ৷ ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতি অনুসৰি এক শোকাকুল পৰিবেশৰ মাজেৰে সকলোবোৰ সুকলমে সামৰণি পৰে ৷ আজিৰ তিলনিৰ দিনা ভূঞাৰ ঘৰত আত্মীয় কুটুম, দল-সংগঠন, সাংবাদিক আৰু বিভিন্ন জন গুণমূগ্ধই উপস্থিত থাকে ৷ তদুপৰি অসমৰ মূখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী উপস্থিত থাকে ৷ তেখেতে প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি কয় যে, ঘটনাটো চি আই ডিক তদন্ত দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকে ১৩ নবেম্বৰৰ পৰা তিনিচুকীয়া জিলাত খোপনিলৈ কামত নামিছে ৷ গতিকে তদন্তৰ অন্তত প্ৰকৃত ঘটনা পোহৰলৈ আহিব আৰু যি দুখি বুলি প্ৰমাণিত হ’ব তেওঁ নিঞ্চয়কৈ দৃষ্টান্তমুলক শাস্তি পাব ৷ ইয়াৰ লগতে তেওঁ জানিবলৈ দিয়ে যে, পৰাগ ভূঞা আৰু জগদীশ ভূঞাৰ ঘৰৰ লগত পূৰ্বৰে পৰা তেখেতৰ ব্যক্তিগতভাবে এক মধুৰ সম্পৰ্ক আছে ৷ পৰাগ ভূঞাৰ তিলনিৰ দিনাখনেই দিনৰ দুই বজাৰ পৰা কাকপথাৰৰ সমূহ সাংবাদিকে একে লগ হৈ কাকপথাৰ হিন্দী বিদ্যালয় সন্মুখত জাষ্টিজ ফৰ পৰাগ লিখা পষ্টাৰ হাতে হাতে লৈ এক প্ৰতিবাদি সভা অনুস্থিত কৰে ৷ সভাত কাকপথাৰ প্ৰেছ ক্লাৱ, আসাম প্ৰেছ ক’ৰেছপ’ণ্ডেণ্টছ্ ইউনিয়ন(আপকু), তিনিচুকীয়া জিলা সমিতি, বৃহত্বৰ কাকপথাৰ সাংবাদিক সন্থা, ডুমডুমা প্ৰেছ ক্লাৱ আদিৰ সাংবাদিক সকল উপস্থিত থাকি পৰাগ হত্যাৰ ন্যায় দাবী কৰে ৷

Leave A Reply