Breaking

লখিমপুৰ বিদ্যুৎ সংমণ্ডলৰ অস্থায়ী কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণৰ দাবীত চিলাপথাৰত সংবাদ মেল

0 1,633

অসমৰ বিভিন্ন ঠাইত অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰা অসম বিদ্যুৎ নিগমৰ কৰ্মচাৰী সকলৰ লখিমপুৰ সংমণ্ডল কৰ্মচাৰী সকলেও আজি চিলাপথাৰত এখন সংবাদ মেলৰ জৰিয়তে চৰকাৰক চাকৰি নিয়মীয়া কৰণৰ দাবী উত্থাপন কৰে।বিদ্যুৎ বিভাগত অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ থকা কৰ্মীসকলৰ উমৈহতীয়া মঞ্চ আসাম ষ্টেট আউটচ’চ পাৱাৰ ৱ’কাচ ইউনিয়নৰ লখিমপুৰ বিদ্যুত চক্ৰ সমিতিয়ে চিলাপথাৰত আয়োজন কৰা এক সংবাদ মেল যোগে বিদ্যুৎ খণ্ডত নিয়োজিত হৈ থকা পাঁচ হাজাৰৰোধিক অস্থায়ী শ্ৰমিকক স্থায়ীকৰণৰ দাবীত সৰব হৈ পৰে৷

সংবাদ মেলত তেখেত সকলে কয় যে অসমৰ ভিন্ন প্ৰান্তত পাঁচ হাজাৰতকৈ অধিক লোক বিগত কেইবাবছৰ ধৰি অস্থায়ী ভিত্তিত বিদ্যুৎ খণ্ডত নিয়োজিত থাকি লাখ লাখ গ্ৰাহকক সেৱা আগবঢ়াই আহিছে যদিও চৰকাৰে এই পৰ্যন্ত স্থায়ীকৰণৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি ক্ষোভ উজাৰে।চৰকাৰে তেখেতসকলক অতি শীঘ্ৰে স্থায়ী নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইউনিয়নে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি নেতৃবৃন্দই সংবাদ মেলত সদৰী কৰে।

Leave A Reply