Breaking

বিধায়িকা আঙুৰলতাৰ পুখুৰী বিতৰ্কক লৈ সংবাদমেল : বিধায়িকাৰ বিৰুদ্ধে ফেচবুক পোষ্ট দি ২৪ ঘণ্টাৰ ভিতৰতে পাখি কটা গ’ল বিজেপি নেতাৰ

0 1,217

নগাঁও : বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত মন্তব্য কৰি পাখি কটা গ’ল এজন বিজেপি নেতাৰ।এই বিজেপি নেতাজন হৈছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কলিয়াবৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল মেধি। যোৱা ৬ আগষ্টত আঙুৰলতা ডেকাক লগত লৈ মুখ্যমন্ত্রী আহি উপস্থিত হৈছিল বটদ্ৰৱাৰ কৰচুঙত। তেওঁ এটা ৰাজহুৱা পুখুৰী পৰিদৰ্শন কৰিছিল । কেইজনমান উদ্যমী যুৱকে আত্মসহায়ক গোটৰ জৰিয়তে মৎস্য পালনৰে স্বাৱলম্বনৰ বাট বাচি লোৱা কাৰ্যত পুখুৰী পাৰতেই আনন্দিত হৈ পৰিছিল মুখ্যমন্ত্রী গৰাকী। তাৰ পিছতেই ৰাহুল মেধিয়ে দিছিল এটা ফেচবুক পোষ্ট। ফেচবুক পোষ্টটোত তেওঁ মুখ্যমন্ত্ৰী মন্ত্ৰীয়ে পৰিদৰ্শন কৰা পুখুৰীটো তেওঁহে লিজত লোৱা বুলি উল্লেখ কৰিছিল আৰু বিধায়িকা গৰাকীয়ে নাটক কৰা বুলি উল্লেখ কৰিছিল। এই পোষ্টটোৱে তোলপাৰ লগাই সংবাদ মাধ্যমৰ লগতে সমগ্ৰ ৰাজ্য। ফেচবুক পোষ্ট দিয়াৰ ২৪ ঘণ্টা নহওঁতেই বিজেপিৰ সাংগঠনিক পদবীৰ পৰা পাখি কটা গ’ল ৰাহুল মেধিৰ। ইয়াৰ পিচতে বটদ্ৰৱা সমষ্টিৰ বিধায়কা আঙুৰলতা ডেকাই মীন বিষয়াক কাষতে বহুৱাই সংবাদ মেলৰ আয়োজন কৰি নিজকে দোষমুক্ত কৰিবলৈ চেষ্টা চলাই। সংবাদ মেলত আঙুৰলতা ডেকাই কয় যে-সেইদিনা আত্মসহায়ক গোটটোৰ সেই নিদিষ্ট পুখুৰীটো মুখ্যমন্ত্রী গৰাকীয়ে পৰ্যবেক্ষণ কৰিব যোৱা নাছিল নিৰাপত্তাৰ খাতিৰত। বিধায়িকা গৰাকীৰ মতে আত্মসহায়ক গোটৰ পুখুৰীটো অলপ দূৰত থকাৰ বাবেই পথৰ কাষতে থকা এই বিতৰ্কিত পুখুৰীটোৰ পাৰতে স্থানীয় যুৱক সকলৰ সৈতে বাৰ্তালাপ কৰি বুজ লৈছিল মৎস্য পালনৰ বিষয়ে। ইয়াকে লৈ বিতৰ্কৰ সৃষ্টি কৰি অপপ্ৰচাৰ চলাইছে যুৱকজনে। তেওঁ কয় যে যুৱকজন যদি নিষ্ঠাবান বিজেপি কৰ্মী হ’লহেতেন তেওঁ মোৰ লগত পোনপটীয়াকৈ কথা পাতিলেহেতেন। তাকে নকৰি তেওঁ ফেচবুকত পোষ্ট দিলে। এনে ধৰণৰ লোকক পুলিয়ে পোখাই উভালিব লাগে। তেওঁৰ কাৰ্যত মুখ্যমন্ত্ৰীৰ ওচৰত আমি লাজ পাইছো। বিধায়িকা গৰাকীক সাংবাদিকে সমষ্টিটোৰ বিজেপি কৰ্মীৰ মাজত সংঘাত সৃষ্টি হৈছে নেকি বুলি সোধাত তেওঁ আওপকীয়াকৈ স্বীকাৰ কৰি কয় যে নিজৰ পৰিয়ালটো সংঘাত হয়। গতিকে ই অসম্ভৱ নহয়। অন্যহাতেদি উপস্থিত মীন বিষয়া গৰাকীক সাংবাদিকে ৰাজহুৱা পুখুৰীটোৰ দায়িত্বত থকা সমিতিখনক কিয় মতা হোৱা নাছিল বুলি প্ৰশ্ন কৰাত তেওঁ স্পষ্ট উত্তৰ দিব নোৱাৰিলে।

Leave A Reply