Breaking

শংকৰ-আজানৰ দেশত হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচৰা অপশক্তিক মুছলিম ছাত্ৰ-সন্থাই কেতিয়াও মানি নলয়ঃ আশ্বিক ৰাব্বানী

0 30

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয় অসমৰ মুছলিম লোকসকলকলৈ বিভিন্ন চৰকাৰে ৰাজনীতিহে কৰা পৰিলক্ষিত হৈছে । নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, গাঁৱে গাঁৱে আদালত পাতি ডি-ভোটাৰৰ সমস্যা সমাধান কৰা আৰু কা বাতিলৰ দাবীত মুছলিম ছাত্র-সন্থা অসমে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেলৰ আয়োজন কৰে।

সংগঠনটোৰ সভাপতি আশ্বিক ৰাব্বানীয়ে কয় যে অসমীয়াৰ স্বভিমানত আঘাত দিয়া নাগৰিকত্ব সংশোধনী আইন খনৰ বিৰুদ্ধে সদায় মুছলিম ছাত্র সন্থাই মাত মাতি আহিছে আৰু অনাগত দিনতো মাত মাতি যাব। ১৯৭১চনৰ ২৪মাৰ্চৰ আগত অহা প্ৰতিগৰাকী লোক ভাৰতীয় । লগতে অসমৰ দীৰ্ঘদিনীয়া এটা জলন্ত সমস্যা ডি ভোটাৰৰ সমস্যাক গাঁৱে গাঁৱে লোক আদালত পাতি সমাধান কৰিবলৈ চৰকাৰক আহব্বান জনাই। শংকৰ-আজানৰ দেশত হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচৰা অপশক্তিক মুছলিম ছাত্ৰ-সন্থাই কেতিয়াও মানি নলয় বুলি সংবাদ মেলত সদৰী কৰে সংগঠনটোৱে।

গুৱাহাটী প্ৰেছ ক্লাৱত মুছলিম ছাত্ৰ সন্থা, অসম চমুকৈ (মুছা)ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্বিক ৰাব্বানীয়ে সংবাদ মেল সম্বোধন কৰি বৰ্তমান অসমৰ বিভিন্ন জলন্ত সমস্যাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় ১৯৭১ চনৰ ২৫ মাৰ্চত ভিক্তি বছৰ হিচাপে লৈ অসম চুক্তি অনুসৰি অসমৰ জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) প্ৰস্তুত কৰাটো মুছাই বিছাৰিছিল লগতে এন আৰ চি ৰ পৰা বাদ পৰা লোক সকলক অতি শীঘ্ৰে এন আৰ চি প্ৰদান কৰিব লাগে ,অসম চুক্তি অনুসৰি বিদেশী বহিস্কাৰৰ দাবী, নাগৰিকত্ব সংশোধনী বিধেয়ক (২০১৬) প্ৰৱৰ্তনৰ জৰিয়তে ভাৰত চৰকাৰে দেশত বিদেশী সংস্থাপনৰ যি অসম বিৰোধী স্থিতি গ্ৰহণ কৰিছে তাক প্ৰত্যাহাৰৰ দাবী, উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপনৰ দাবী, বাংলাদেশী বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰাৰ দাবী, সন্ত্ৰাসবাদ দমন কৰা, গাঁও অঞ্চলত ২৪ ঘন্টাই বিদুৎ নিয়মীয়া কৰণৰ দাবী ,জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি নিযুক্তিৰ দাবী, গৰাখহনীয়াত গৃহহীন লোকক মাটিৰ পট্টা দিয়া আৰু কৰ্মসংস্থানৰ ব্যৱস্থাৰ দাবী. মেঘালয়ৰ হিংসাত মৃত্যু হোৱা গোৱালপাৰাৰ ৩ যুৱকক হত্যাকাৰীৰ বিৰুদ্ধে CBI তদন্তৰ দাবী আৰু প্ৰতিটো পৰিয়ালক ২০ লাখ টকা কৈ ক্ষতিপূৰণৰ দাবী।

সংবাদ মেলত উপস্থিত থাকে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আশ্বিক ৰাব্বানী,কাৰ্যকৰী সভাপতি আবুল হুছেইন বাদশ্বা, সাধাৰণ সম্পাদক ৰফিকুল ইছলাম, উপসভাপতি ফজৰ আলী খান, ছাদ্দাম হুছেইন মুছাৰ সম্পাদক জহিৰুল খলিফা।

Leave A Reply