Breaking

নাজিৰাত, বিশ্বনাথৰ চৌকত আলী নিৰ্যাতনৰ বিষয়ক লৈ বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰেছ বিজ্ঞপ্তি

0 1,328

গেলেকী : নাজিৰা সমষ্টিৰ বিধায়ক ও ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া। বিগত ৭ এপ্রিল তাৰিখে বিশ্বনাথ চাৰিআলিৰ মধুপুৰত আৰক্ষীৰ উপস্থিতিত চৌকত আলি নামৰ ব্যক্তি জন নির্য্যাতিত হৈছিল। এই সন্দৰ্ভত বিধায়ক দেৱব্ৰত শইকীয়াই যোৱা ১২ এপ্রিল ২০১৯ তাৰিখে এক অভিযোগ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত দাখিল কৰিছিল। ইয়াৰ ভিত্তিত অহা ২৪ অক্টোবৰ ২০২০ তাৰিখৰ ভিতৰত ভুক্তভূগী চৌকত আলীক এক লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে অসম চৰকাৰৰ মুখ্য সচিবক নির্দেশ দিছে। সম্প্ৰতি এই গোটেই বিষয়টোৰ সন্দৰ্ভত বিধায়ক দেৱব্ৰত শইকীয়াই আজি এক প্ৰেছ বিজ্ঞপ্তি জড়িয়তে সংবাদ-মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Leave A Reply