Breaking

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীক কুঁহিয়াৰ খুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

0 36

প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুক্ৰবাৰে বিয়লি দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আজি পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু জীপ ছাফাৰীৰে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।

লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মহিলা বন কৰ্মীৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰউপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীক কুঁহিয়াৰ খুৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব বীৰ লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি। দিনৰ ১২.১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ’ব হোলোঙাপাৰত।

Leave A Reply