Breaking

প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ ‘মন কি বাত’ অনুষ্ঠান : ভাৰতে যিদৰে বন্ধুত্ব জানে, তেনেদৰে চকুত চকু থৈ কথা ক’বও পাৰে ।

0 1,251

দৈনন্দিন বাৰ্তাৰ ডেস্ক :

ভাৰতে যিদৰে বন্ধুত্ব জানে, তেনেদৰে চকুত চকু থৈ কথা ক’বও পাৰে৷ চীনৰ লগত ভাৰত যে প্ৰয়োজনত কঠোৰ মনোভাৱ ল’বলৈ দ্বিগ্বা নকৰে, মাহৰ শেষৰ দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানত দেশবাসীক সেই বার্তা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে৷ দেওবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত  ‘মন কি বাত’ অনুষ্ঠানত দেশবাসীক বাৰ্তা দিয়াৰ লগতে নাম প্ৰকাশ নকৰাকৈ লক্ষ্য কৰি লয় চীনক৷ ক’ৰোনা, আমফাম, পতংগৰ উপদ্ৰৱৰ লগতে লাডাখ প্ৰসংগ উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ৷ তেওঁ কয়, লাডাখত ভাৰতীয় ভূখণ্ডৰ দিশে যি নজৰ দিব, তেওঁক সমুচিত উত্তৰ দিয়া হ’ব ৷ নাম উচ্চাৰণ নকৰি চীনা পণ্য বৰ্জনৰ প্ৰসংগত ছচিয়েল মিডিয়া যোগে পোৱা অসমৰ এজন নাগৰিকৰ মন্তব্যৰ বিষয়ে মোডীয়ে কয়, পূৱ লাডাখৰ ঘটনাৰ পাছত তেওঁ কেৱল মাত্ৰ দেশীয় পণ্য কিনাৰ সিদ্ধান্ত লৈছে৷ গালৱান উপত্যকাত চীনা আক্ৰমণকাৰীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ প্ৰতিৰোধ প্ৰসংগত মোডীয়ে কয়, আমাৰ বীৰ সেনাই দেখুৱাই দিছে তেওঁলোকে কোনো অৱস্থাতে ভাৰতমাতাৰ গৌৰৱত আঁচোৰ পৰিবলৈ নিদিয়ে ৷ শ্বহীদ জোৱানৰ আত্মবলিদানক স্মৰণ কৰি প্ৰত্যেক ভাৰতীয়ক দেশৰক্ষাৰ শপত ল’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে৷ এই প্ৰসংগত তেওঁ বক্তব্যত চীনা আক্ৰমণত শ্বহীদ সেনাৰ পৰিয়ালৰ কথাও কয়৷ তেওঁ কয়, আপোনালোকে দেখিছে শ্বহীদ সেনাৰ পিতৃ-মাতৃয়ে কৈছে, তেওঁলোকৰ আন সন্তানেও সেনাবাহিনীত যোগ দিব ৷ বিহাৰৰ শ্বহীদ জোৱান কুন্দন কুমাৰৰ পিতৃয়ে কৈছে, তেওঁ তেওঁৰ নাতিক দেশৰক্ষাৰ কামত পঠিয়াব ৷

Leave A Reply