Breaking

মঙলবাৰ আৰু বুধবাৰে দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰধানমন্ত্ৰীৰ মাৰাথন সভা ।

0 667

দৈনন্দিন বাৰ্তা :

দেশত লকডাউন দিয়াৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ক’ভিড-১৯ৰ সংক্ৰমণ আৰু অৰ্থনীতি উন্নত কৰাৰ উদ্দেশ্য লৈ প্ৰধানমন্ত্ৰী আৰু বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মাজত মঙলবাৰ আৰু বুধবাৰে মাৰাথন সভা অনুষ্ঠিত হ’ব৷ এই সভাত ক’ৰোনা ভাইৰাছ আক্ৰান্ত আৰু ভৌগোলিক ভিত্তিত ৰাজ্যবোৰক দুভাগত ভাগ কৰা হৈছে৷ মঙলবাৰে ৫ শতাংশ সক্ৰিয় আক্ৰান্ত ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলৰ লগত প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিব৷ বুধবাৰে দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী৷ দ্বিতীয়টো গ্ৰুপত থাকিব বহু কেইখন ৰাজ্য য’ত দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা প্ৰৱজিত শ্ৰমিকৰ বাবে হোৱা সমস্যাৰ ৰাজ্য থাকিব৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইট কৰি জনোৱা মতে প্ৰথম দিনাৰ সভাত প্ৰধানকৈ কেন্দ্ৰীয় শাসিত অঞ্চল, উত্তৰ পূৱৰ ৰাজ্যৰ লগতে পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ড, হিমাচল প্ৰদেশৰ দৰে ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত মঙলবাৰে মিলিত হ’ব৷ ইয়াৰ ভিতৰত অসমত ৩৭০০ সক্ৰিয় আক্ৰান্ত, পাঞ্জাৱত ৩০০০ আক্ৰান্ত আৰু কেৰালা ২৪০০ আক্ৰান্ত ৰাজ্য৷ উল্লেখ্য যে ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সক্ৰিয় আক্ৰান্তৰ পৰিমাণ ১৮০০০ অলপ কম৷ তাৰে ৭৫০০ সুস্থ হৈ উঠে আৰু ১৩০ জনৰ মৃত্যু হয়৷ এই তথ্য দেওবাৰৰ৷ আনহাতে ভাৰতত ৩.২১ লাখ লোক আক্ৰান্ত আৰু ৯১০০ জনৰ মৃত্যু হৈছে৷ উত্তৰ পূৱৰ ৰাজ্যবোৰৰ ভিতৰত অসমত আক্ৰান্তৰ সংখ্যা বেছি৷ ইয়াৰ পাছতে আছে ত্ৰিপুৰা৷ দ্বিতীয়খন সভাত অতি বেছি আক্ৰান্ত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে মোডী মিলিত হ’ব৷ এই সভা ভিডিঅ’ কনফাৰেন্সৰ যোগে অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে দেশত ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ পাছত মুখ্যমন্ত্ৰীসকলৰ লগত মোডীৰ এইখন ষষ্ঠ সভা৷ প্ৰথমখন সভা ২০ মাৰ্চত অনুষ্ঠিত হৈছিল৷

Leave A Reply