তিনিচুকীয়া : খালে ঐ খালে প্ৰাইভেটাইজেচন কৰা নীতিয়ে ভাৰতীয় ৰেল শিল্পটোক খালে| খেদ ঐ খেদ কৰ্পৰেট গোষ্ঠীক খেদ| জাগ ঐ জাগ জনতা জাগ আদি শ্ল’গান দি ৰে’ল শ্ৰমিকসকলে আজি তিনিচুকীয়া ৰেল মণ্ডল প্ৰৱন্ধকৰ কাৰ্যালয় প্ৰাংগণ উত্তাল কৰে| এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ আহ্বান ক্ৰমে আজি কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰে’ল শিল্পক ব্যক্তিগতকৰণ কৰা সৰ্বনশীয়া নীতিৰ বিৰুদ্ধে এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰেল শ্ৰমিক সকলে| দেশৰ বুনিয়াদ গঢ়া ১৬৭ বছৰীয়া সৰ্ববৃহত ৰেল শিল্পটোক প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ লোৱা হঠকাৰী নীতিৰ বিৰুদ্ধে তিনিচুকীয়া ডিভিজনৰ তিনিচুকীয়া, লিডু, ডিব্ৰুগড় ৱৰ্কশ্বপ, শিমলুগুৰি, মৰিয়নি আৰু ফৰকাটিং আদিত বিশাল প্ৰতিবাদী কাৰ্যসূচী পালন কৰে| ৰেল শ্ৰমিক সংগঠনটোৰ তিনিচুকীয়া আৰু নিউ তিনিচুকীয়া শাখাই যুটীয়াভাৱে পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাংগাঠনিক সম্পাদক তথা তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়েও অংশগ্ৰহণ কৰি কয় যে সমগ্ৰ দেশত ক’ভিড-১৯ এ যিদৰে মহামাৰী ৰূপ ধাৰণ কৰি আতংক সৃষ্টি কৰিছে ঠিক একেদৰে ভাৰতীয় ৰেল শিল্পটোত কেন্দ্ৰীয় চৰকাৰে মেলি দিয়া ক’ৰ্পৰেট নামৰ মহামাৰীটোৱে শ্ৰমিক সকলৰ মাজত ভয়ানক আতংকৰ সৃষ্টি কৰিছে বুলি কয় আৰু ইয়াক খেদবলৈ ৰাজ পথলৈ আজি শ্ৰমিক সকল ওলাই আহিছে| ইয়াৰ উপৰি ক’ভিড-১৯ মহামাৰী সংক্ৰমণ প্ৰতিৰোধ ক্ষেত্রত বলবত কৰা মাজতে মৰগীয়া ভাত্তা কৰ্তন কৰা, মূল্য বৃদ্ধি, শ্ৰম আইন বিলুপ্তিকৰণ কৰা আদি বিৰুদ্ধে মুঠ ছয়টা দাবীত পালন কৰা প্ৰতিবাদী কাৰ্যসূচী ধাৰাষাৰে দি থকা প্ৰবল বৰষুণকো নেওচি সাব্যস্ত কৰা ৰে’ল শ্ৰমিক সকলে অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰক এই শ্ৰমিক বিৰোধী নীতিসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়| অন্যথা আন্দোলন আৰু তীব্ৰতৰ কৰি তুলিব বুলি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে| উল্লেখযোগ্য যে এই প্ৰতিবাদ তিনিচুকীয়া ডিভিজনৰ উপৰি লামডিং, ৰঙিয়া, আলিপুৰদুৱাৰ আৰু কাটিহাৰ ডিভিজনটো ব্যাপক ৰূপত পালন কৰা হয় বুলি ৰেল শ্ৰমিক নেতা পুলক গগৈয়ে সদৰি কৰিছে|
Breaking
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণত শিৱসাগৰত দিয়া ভাষনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ
- শ্ৰীৰামপুৰত সহস্ৰাধিক বি জে পিত যোগদান
- লতাশিলত তিনিখনকৈ বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ
- মোদী-অমিতৰ আগমনত ৰাজ্যজুৰি আছুৰ ক’লা দিৱস পালন
- ঋণ আৰু জমা বহীত বন্ধন বেংকৰ শক্তিশালী বিকাশ
- শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী : অসমীয়াতে নিজৰ ভাষণ আৰম্ভ কৰিলে মোদীয়ে
- প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ Z+ নিৰাপত্তা
- সুৰাৰ ৰম্যপুৰী নগৰবেৰা : আৰক্ষী চক্ৰ বিষয়াই উৎখাত কৰিলে অবৈধ সুৰাৰ দোকান
- অসম মেঘালয় সীমান্তবৰ্তী মুদুকীত মেঘালয়ৰ অবৈধ গেট স্থাপন
- নিতৌ ডিকমত দব্বলগুুটি -জুৱা আৰু সুৰাৰ বিসৎ চক্ৰ