Breaking

ৰাজ্যপাল হিচাপে অধ্যাপক জগদীশ মুখীয়ে নিজ কার্যকাল শেষ কৰি সহধর্মিণী প্ৰেম মুখীৰ সৈতে অসমৰ পৰা বিদায় লয়…

0 124

ৰাজ্যৰ ৰাজ্যপাল হিচাপে অধ্যাপক জগদীশ মুখীয়ে নিজ কার্যকাল শেষ কৰি সহধর্মিণী প্ৰেম মুখীৰ সৈতে অসমৰ পৰা বিদায় লয়। আজি লোকপ্রিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হৈ তেখেতসকলক জনোৱা হয় বিদায়ী অভিবাদন।

এই বিশেষ সময়খিনিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰীকা, ডা: ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, ইউ জি ব্ৰহ্ম, বিমল বড়া,অশোক সিংহল, সাংসদদ্বয় কুইন ওজা, পৱিত্ৰ মাৰ্ঘেৰিটা, জি এম চি মেয়ৰ মৃগেন শৰণীয়া, শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমিৎ সিঙকে ধৰি ৰাজ্যৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply